ETV Bharat / state

ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস - Congress protest latest news

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতাৰণা বিৰোধী দিৱস পালন। অসমৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰদান কৰা আশ্বাস পূৰণ নকৰাৰ অভিযোগত কংগ্ৰেছৰ এই প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে দাহ কৰিলে বিজেপি বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিলিপি

guwahati
ৰাজীৱ ভৱন
author img

By

Published : Aug 3, 2020, 5:44 PM IST

গুৱাহাটী, 3 আগষ্টঃ সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। বিজেপি চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰাৰ অভিযোগত ৰাজ্যৰ সকলো মণ্ডল পৰ্যায়ৰ লগতে ৰাজীৱ ভৱনতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।

লগতে পঢ়কঃ মাজুলীত বাঁহৰ দলং ভাগি বাঢ়নী পানীত উটি গ'ল লোক

সোমবাৰে পুৱা ১১ বজাৰ পৰা প্ৰায় ১ ঘণ্টা ধৰি চলা এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা আৰু শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজীৱ ভৱন উত্তাল কৰি তোলে।

ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ লগতে প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মীসকলে ৰাজীৱ ভৱনৰ সন্মুখত অসম তথা উত্তৰ পূৱৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিলিপিও দাহ কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.