গুৱাহাটী, 15 নৱেম্বৰঃ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ বুজ ল'বলৈ শুকুৰবাৰে গুৱাহাটী ক্লাৱস্থিত বাসগৃহত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা । কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসুস্থ নিপন গোস্বামীৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই ৰিপুন বৰাই । আনহাতে, ৰিপুণ বৰাক কাষতে পাই পুৰণি দিনৰ স্মৃতি সোঁৱৰে অসমীয়া ছবিজগতৰ স্বনামধন্য অভিনেতা নিপন গোস্বামীয়ে । ব্যক্তিগতভাৱে ৰিপুণ বৰাৰ লগত বহুদিনৰ পৰা ভাল সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে অভিনেতাগৰাকীয়ে ।
উল্লেখযোগ্য যে, বিগত বহুদিন ধৰি অসুস্থ হৈ আছিল অভিনেতা নিপন গোস্বামী । কিন্তু বৰ্তমান যথেষ্ট পৰিমাণে সুস্থ হৈ উঠিছে নিপন গোস্বামী । জিএনআৰচিত অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছিল যদিও কিছুদিন পূৰ্বে ঘৰলৈ লৈ অনা হয় অভিনেতাগৰাকীক ।
ইতিমধ্যে চৰকাৰ তথা অসমৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে সহায় আগবঢ়াইছে অভিনেতাগৰাকীক । সোনকালে অভিনেতাগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ পুনৰ অসমৰ ৰাইজক নতুন ছবি উপহাৰ দিয়ক তাৰেই কামনা কৰিছে অনুৰাগীয়ে ।