ETV Bharat / state

MLA Aftab Uddin Mollah arrests: নামঘৰীয়াক ধৰ্ষণকাৰী আখ্যা দিয়া বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল বিধায়ক আফতাব উদ্দিন মোল্লা ৷ নামঘৰীয়া আৰু পূজাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবেই পূব গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মোল্লাক ৷

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 11:02 PM IST

MLA Aftab Uddin Mollah arrests
MLA Aftab Uddin Mollah

নিউজ ডেস্ক, 7 নৱেম্বৰ: জলেশ্বৰৰ কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ ৷ পূব গুৱাহাটী আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আবাসৰ পৰা মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে মোল্লাক ৷ হিন্দু ধৰ্ম সন্দৰ্ভত দুদিন পূৰ্বে আপত্তিজনক মন্তব্য কৰিছিল কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাই ৷ তাৰ পিচতেই আৰম্ভ হৈছিল বিতৰ্কৰ ৷ পূব গুৱাহাটী আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত কংগ্ৰেছৰ আন এগৰাকী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আবাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়ক মোল্লাক ৷

উল্লেখ্য যে দুদিন পূৰ্বে গোৱালপাৰা জিলাৰ জলেশ্বৰত অনুষ্ঠিত এখন কংগ্ৰেছ দলৰ কৰ্মীসভাত বিতৰ্কিত মন্তব্য কৰিছিল আফতাব উদ্দিন মোল্লাই ৷ ধৰ্ষণৰ ঘটনাত নামঘৰীয়া-মন্দিৰৰ পূজাৰী আদি জড়িত থাকে বুলি মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে ৷ ৰাজহুৱাকৈয়ে এই সাম্প্ৰদায়িক মন্তব্য কৰি তেওঁ কৈছিল যে য’ত ধৰ্ষণ হয়, তাতেই মন্দিৰৰ সাধু নাইবা নামঘৰীয়া জড়িত থকা দেখা যায় ৷ কোনো মুছলমান আলম বা ইমামে এনে কাম নকৰে ৷ যদি কৰিছে তেন্তে প্ৰমাণ দিব লাগিব ৷ সমাজত যদি ব্যভিচাৰ অথবা বেয়া কাম কৰে, তেন্তে হিন্দু মানুহে কৰে, মুছলমানে নকৰে ৷

এই মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিচতেই সোমবাৰে সংবাদমেল পাতি ক্ষমা বিচাৰিছিল আফতাব উদ্দিন মোল্লাই ৷ কিন্তু মোল্লাই ক্ষমা বিচাৰিও ৰক্ষা নাপালে ৷ কেইবাখনো থানাত ৰুজু হৈছিল গোচৰ ৷ মঙলবাৰে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ এজন লোকে মহানগৰ পূব আৰক্ষীক গোচৰ দিছিল ৷ দিছপুৰ থানাতো ৰুজু হৈছিল আন এক গোচৰ ৷ তাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিধায়ক মোল্লাক ৷

উল্লেখ্য যে, আফতাব উদ্দিন মোল্লাৰ এই মন্তব্যক লৈ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ নামঘৰীয়াক কৰা অপমান সমগ্ৰ অসমীয়া জাতিৰ বাবেই অপমান ৷

লগতে পঢ়ক: Controversial statement: জিভা পিচল খোৱাতহে নামঘৰীয়া-সাধুক অপমান কৰিছিল বিধায়ক মোল্লাই; বিচাৰিছে ক্ষমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.