গুৱাহাটী, ৫জুন: ASSAM PCC OFFICIAL নামৰ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু বিষয়ববীয়াৰ হোৱাটচআপ গ্ৰুপটোত ইতিমধ্যে দলৰ এগৰাকী মুখপাত্ৰই দিয়া এটা ভিডিঅ' ইটিভি ভাৰতে শনিবাৰে ফাদিল কৰাৰ লগে লগে হাহাকাৰ লাগিছে প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত । মূল বিষয়বস্তুৰ পৰা আঁতৰি কোনে ভিডিঅ'টো ইটিভিক যোগান ধৰিলে তাৰহে চোৰাংচোৱাগিৰিত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ দুজনমান নেতা-পালিনেতা ।
উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুঠ ৯৪ খন আসনত প্ৰতিদ্বন্দীতা কৰিছিল আৰু তাৰ ভিতৰত ২৯ খন আসনত জয়ী হৈছিল । কংগ্ৰেছ নেতৃত্বই যি সময়ত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল তেতিয়াৰে পৰাই আৰম্ভ হৈছিল বিতৰ্ক । বহু সমষ্টিত কোনো গণভিত্তি নথকা লোককো কংগ্ৰেছে বিগত নিৰ্বাচনত টিকট প্ৰদান কৰিছিল ।
জয়ী হোৱাৰ কোনো সম্ভাৱনা নথকা আনকি আমানতৰ ধনো বাজেয়াপ্ত হোৱা লোকক কংগ্ৰেছে কিহৰ বাবে আৰু কাৰ স্বাৰ্থত প্ৰাৰ্থিত্ব দিছিল সেয়া আছিল ডাঙৰ ৰহস্য । সেই ৰহস্যৰে যেন ভেদ ভাঙিলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই । ASSAM PCC OFFICIAL নামৰ দলীয় হোৱাটচআপ গ্ৰুপটোত দিলীপ শৰ্মাই দিয়া ভিডিঅ'ই বহু প্ৰশ্নৰে উত্তৰ দিছে । এই গ্ৰুপটোৰ সদস্য সংখ্যা প্ৰায় আঢ়ৈশ ।
ইপিনে আজি এই ভিডিঅ' ফাদিল কৰাৰ পাচত ইটিভি ভাৰতৰ ফালৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰা হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক । ক'ভিডত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ থকা সভাপতি বৰাই ইটিভি ভাৰতক কয় - "মই এতিয়াই এই বিষয়টো সন্দৰ্ভত একো নকও । যিহেতু মই হাস্পতালত চিকিৎসাধীন হৈ আছো । কিন্তু কাৰোবাৰ যদি কিবা অভিযোগ আছে সেয়া লিখিতভাবে দিয়া উচিত । মই হাস্পতালৰ পৰা ওলাই গৈহে এই প্ৰসংগত মন্তব্য কৰিব পাৰিম । "