গুৱাহাটী, 20 মেঃ অসম ৰাজ্যিক কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সংবাদমেল যোগে বিজেপি চৰকাৰ খনক তীব্ৰ কটাক্ষ কৰে ৷ ৰাজ্যত কয়লা, শিল-বালিকে ধৰি বিভিন্ন ঠাইত ভয়ংকৰ দুৰ্নীতি এতিয়াও অব্যাহত আছে বুলি কোৱাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৷
লক ডাউনৰ সময়ত ৰাইজক অন্ধকাৰত ৰাখি ৰাজ্যত কয়লা, শিল-বালি, চুপাৰীত বিজেপিৰ নেতা-পালি নেতাই ভয়ংকৰ চিণ্ডিকেট ৰাজ চলাই যোৱা বুলি মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই তীব্ৰ কটাক্ষ কৰে ৷ কিন্ত তাৰ বিপৰীতে মুখ্যমন্ত্ৰী সোণোৱালে কিন্তু উক্ত বিষয়বোৰত তদন্ত কৰাৰ বিপৰীতে শূন্যতহে গদা ঘুৰাই থকা বুলিহে কটাক্ষ কৰে কংগ্ৰেছ নেতা জনে ৷ বৰাকত বন মন্ত্ৰীৰ নেতৃত্বত অবাধ বন ধ্বংস যজ্ঞ চলি থকা বুলিও সদৰি কৰে ৷
কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীলতাৰ কথা কৈ এতিয়া চকুমুদা কুলিৰ ভাও ধৰিছে ৷ কিছুদিন পূৰ্বে বিজেপি বিধায়ক শিলাদিত্য দেৱে দলৰে নেতাই দুৰ্নীতিৰ লিপ্ত থকা বুলি অভিযোগ তুলিছে । নাম উচ্চাৰণ নকৰাকৈয়ে বিধায়কগৰাকীয়ে কৈছিল এগৰাকী বিজেপি দলৰ নেতাই ছিণ্ডিকেটৰ গুৰি বঠা ধৰি আছে বুলি । শিলাদিত্যৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।
কৰ'ণা মহামাৰীৰ মাজতো ৰাজ্যত চলি থকা ছিণ্ডিকেট ৰাজ অতি দুৰ্ভাগ্যজনক । ৰাজ্যত কৃষি খণ্ডত চলি থকা দুৰ্নীতিৰ বিষয়েও কটাক্ষ কৰে নেতা জনে ৷ বিজেপি দলৰ নেতা সকলেই এতিয়া ৰাজ্যত ছিণ্ডিকেট চলি থকা কথা সদৰী কৰে, আনহাতে মুখ্যমন্ত্ৰীৰ দুখীয়া দৰিদ্ৰ কৃষকসকলৰ বাবে চিন্তা কৰিবলৈ সময় নাই বুলিও কয় ৷ ৰাজ্যৰ অৰ্থনীতি ব্যৱস্থাটো ধ্বংস নকৰিবলৈ মুখ্য়মন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছ নেতা গৰাকীয়ে ৷ লগতে সাহস আছে যদি এই সকলো বিষয়ৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী গৰাকীক আগচি ধৰে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৷
লগতে পঢ়ক-পুণৰ গুৱাহাটীত দুটাকৈ স্থান কন্টেইনমেন্ট জ'ন ঘোষণা