ETV Bharat / state

Maharashtra Crisis: চৰকাৰে ৰেডিশ্বনৰ বিল দিয়াৰ বিপৰীতে বানাক্ৰান্তৰ কাষত থিয় দিয়াৰ আহ্বান

author img

By

Published : Jun 26, 2022, 7:37 PM IST

গুৱাহাটীত চলি থকা মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিৰ(Maharashtra hotel politics) সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড৹ অজয় কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিক্ৰী হোৱা বিধায়কক ক'কটেল-ম'কটেলৰ যোগান ধৰাৰ বিপৰীতে বানত দিশাহাৰা হোৱাজনৰ পৰা অসম চৰকাৰে পানী-বিস্কুট দিয়াৰ নামত ধন লোৱা হৈছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ।

Maharashtra hotel politics
চৰকাৰে ৰেডিশ্বনৰ বিল দিয়াৰ বিপৰীতে বানাক্ৰান্তৰ কাষত থিয় দিয়াৰ আহ্বান

গুৱাহাটী, ২৬ জুন: অসম চৰকাৰক মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিৰ বিপৰীতে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়াৰ আহ্বান জনালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ড৹ অজয় কুমাৰে(Dr Ajoy Kumar) । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ অসমৰ বান পৰিস্থিতি আৰু গুৱাহাটীৰ ৰেডিশ্বন ব্লুত চলি থকা মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে, ভয়াৱহ বানৰ কবলত পৰিছে অসম । ৫২ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু শতাধিক লোকৰ মৃত্যু হৈছে (Assam Flood situation)। কিন্তু এই সময়ত অসম চৰকাৰে শিৱসেনাৰ বিসম্বাদী বিধায়কসকলক শীতল পানীয়ৰ পৰা ক'কটেল-ম'কটেলৰ যোগান ধৰিছে (Maharashtra rebel MLA)। ইয়াৰ বিপৰীতে বানাক্ৰান্ত ৰাইজে পানী আৰু বিস্কুটৰ বাবেও ৩০ টকা ভৰিবলগীয়া হৈছে । সাহায্য প্ৰদানৰ নামতো বানাক্ৰান্তৰ পৰা ৩০ টকা লোৱা হৈছে বুলি মন্তব্য কৰে ড৹ অজয় কুমাৰে ।

অসমৰ ৰাইজে বানত ককবকাই থকাৰ সময়তে শিৱসেনাৰ বিধায়কসকলক বিলাসীতাৰ সকলো সাধন যোগাৰ ধৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, এইয়া হৈছে দেশ আৰু অসমৰ ৰাজনৈতিক পৰিস্থিতি । বিক্ৰী হোৱা বিধায়কক ক'কটেল-ম'কটেলৰ যোগান ধৰাৰ বিপৰীতে বানত দিশাহাৰা হোৱাজনৰ পৰা পানী-বিস্কুট দিয়াৰ নামত পইচা লোৱা হৈছে ।

আনহাতে, অসম চৰকাৰক কেৱল ৰেডিশ্বনৰ বিল ভৰাৰ বিপৰীতে বানাক্ৰান্ত ৰাইজৰ ধ্যান ৰখাৰ বাবে আহ্বান জনায় ড৹ অজয় কুমাৰে । আনহাতে, তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি কয় যে বিৰোধীত থাকিও প্ৰদেশ কংগ্ৰেছে ঠায়ে ঠায়ে সাহায্য প্ৰদানৰ বাবে ১৬ খন বাহনৰ ব্যৱস্থা কৰিছে । এইক্ষেত্ৰত তেওঁ অসম চৰকাৰক প্ৰদেশ কংগ্ৰেছক অনুকৰণ কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: ৰেডিশ্বনলৈ আৰু এজন বিসম্বাদীৰ আগমণ : অংক 47+1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.