ETV Bharat / state

"অসমৰ ৰাইজ মদাহী নেকি ?" লেখানুদান দেখি প্ৰশ্ন প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

author img

By

Published : Feb 13, 2021, 4:36 PM IST

Updated : Feb 13, 2021, 5:20 PM IST

বিধানসভাত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা লেখানুদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এতোৱা মুণ্ডাই । লেখানুদানক নিৰ্বাচনকেন্দ্ৰিক একধৰণৰ ইস্তাহাৰ আখ্যা দিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

লেখানুদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এতোৱা মুণ্ডাৰ

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বিধানসভাত দাখিল কৰা লেখানুদানক নিৰ্বাচনকেন্দ্ৰিক একধৰণৰ ইস্তাহাৰ বুলি আখ্যা দিছে বিৰোধী দল কংগ্ৰেছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই আজি লেখানুদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

"অসমৰ ৰাইজ মদাহী নেকি ?" লেখানুদান দেখি প্ৰশ্ন প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে, "পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰিবলৈ বিত্ত মন্ত্ৰীয়ে কৰা ঘোষণা আদৰণীয় । কিন্তু তাকে কৰোঁতে নিৰ্বাচনৰ সময়লৈ চৰকাৰখন ৰ'বলগীয়া হ'ল কিয় ? ইয়াৰ বহু পূৰ্বেই ইন্ধনৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰে যথেষ্ট সুযোগ পাইছিল । তেতিয়া কিয় হ্ৰাস কৰা নহ'ল ? আনহাতে, দৰৱকে ধৰি বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছেগৈ । সেইবোৰৰ দাম হ্ৰাস কৰাৰ পৰিৱৰ্তে সুৰাৰ মূল্যহে হ্ৰাস কৰাৰ কাৰণ কি ?"

লগতে চৰকাৰে অসমৰ ৰাইজক মদাহী বুলি ভাবিছে নেকি নে কম মূল্যত সুৰাপান কৰোৱাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে বুলিও প্ৰশ্ন উত্থাপন কৰে এটোৱা মুণ্ডাই ।

লগতে পঢ়ক:চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

Last Updated : Feb 13, 2021, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.