ETV Bharat / state

136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ

author img

By

Published : Dec 28, 2020, 5:52 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ 136 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই দলীয় পতাকা উত্তোলন কৰি শপত বাক্য পাঠ কৰাই কংগ্ৰেছ কৰ্মীসকলক ৷

congress-established-day-celebretion-at-ghy-rajiv-bhawan
136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ

গুৱাহাটী, 28 ডিচেম্বৰ : 136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে দলটোৰ 136 বছৰীয়া প্ৰতিষ্ঠা দিৱস ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো পালন কৰা হৈছে কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই দলীয় পতাকা উত্তোলন কৰি শপত বাক্য পাঠ কৰাই কংগ্ৰেছ কৰ্মীসকলক ৷

ইফালে, প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত সকলো কৰ্মীকে মনত আস্থা আৰু বিশ্বাস ৰাখি দলীয় কাম কৰিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

লগতে পঢ়ক : বিৰোধী দলপতিৰ স্বীকৃতি হেৰুৱালে দেৱব্ৰত শইকীয়াই

সমান্তৰালভাৱে সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তনমন্ত্ৰী অজন্তা নেওগৰ বিজেপি গমনক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰাই ৷ কংগ্ৰেছক আদৰ্শ হিচাপে লোৱা ব্যক্তিয়ে কেতিয়াও কংগ্ৰেছ ত্যাগ কৰিব নোৱাৰে ৷ কংগ্ৰেছক ব্যৱসায় হিচাপে লোৱা ব্যক্তিয়ে ক্ষমতাৰ লোভত দল ত্যাগ কৰে বুলি মন্তব্য প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ

আনহাতে, অসমৰ ৰাজনৈতিক মহলত কংগ্ৰেছ দলৰ দুৰ্বল নেতৃত্ব সন্দৰ্ভত চৰ্চিত হোৱা প্ৰশ্নৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুন বৰাই কয় যে, এখন খেলত কেৱল কেপ্তেইনে ভাল খেলিলে নহ'ব, দলটোৰ সকলো খেলুৱৈয়ে ভাল খেলিব লাগিব ৷ ইফালে, বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ছেমি ফাইনেল হিচাপে পৰিগণিত হোৱা বিটিচি নিৰ্বাচন আৰু তিৱা নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ মুক্ত চৰকাৰৰ গঠনকলৈ দিয়া শ্ল'গানকলৈয়ো সভাপতি ৰিপুন বৰাই কয় য়ে, কংগ্ৰেছে ভাৰত স্বাধীন কৰি সংসদীয় গণতন্ত্ৰ প্ৰতিষ্ঠা নকৰা হলে আজি বিজেপি শাসনত আহিব নোৱাৰিলেহেতেন ৷

লগতে পঢ়ক : ৰিম’টযুক্ত Yaogan-33 উপগ্ৰহ মুকলি চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.