ETV Bharat / state

পূৱ গুৱাহাটীৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ অসীমা বৰদলৈ - গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ

কংগ্ৰেছে পূৱ গুৱাহাটীৰ সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব দিলে অসীমা বৰদলৈক । অসীমা বৰদলৈ গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ আছিল ৷

পূব গুৱাহাটীৰ নিৰ্বাচনী যুঁজত এইবাৰ অসীমা বৰদলৈ

author img

By

Published : Mar 17, 2021, 6:45 PM IST

Updated : Mar 17, 2021, 7:12 PM IST

গুৱাহাটী,১৭ মাৰ্চ: বহু জল্পনা-কল্পনাৰ অৱসান ঘটিল । গুৱাহাটীৰ অন্যতম পূৱ গুৱাহাটী সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব দিব তাক লৈ দীৰ্ঘসময় ধৰি সকলোৰে উৎকণ্ঠা আছিল । অৱশেষত কংগ্ৰেছ দলে প্ৰকাশ কৰা তৃতীয় পৰ্যায়ৰ ২১ জনীয়া প্ৰাৰ্থী তালিকাত পূৱ গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব পালে অসীমা বৰদলৈয়ে ।

সমষ্টিটোত কংগ্ৰেছৰ কেইবাগৰাকী নেত্রী দাবীদাৰ আছিল যদিও দলৰ হাই কমাণ্ডে অসীমা বৰদলৈক প্ৰাৰ্থিত্ব দিয়ে । প্ৰাৰ্থিত্ব পোৱাৰ অন্তৰালত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ পৰাৰ কথা বিশেষভাৱে চৰ্চিত হৈছে । অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী অসীমা বৰদলৈয়ে জন্মসূত্রে পাইছে ৰাজনীতিৰ বাতাবৰণ । তেওঁৰ পিতৃ ৰবীন বৰদলৈ কংগ্ৰেছৰ মন্ত্রী আছিল আৰু পূৱ গুৱাহাটী সমষ্টিক তেওঁ দুবাৰকৈ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল ।

পূৱ গুৱাহাটীৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ অসীমা বৰদলৈ

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পূৱ গুৱাহাটী সমষ্টিত ৰবীন বৰদলৈৰ পৰিবৰ্তে ববিতা শৰ্মাক প্ৰাৰ্থিত্ব দিছিল । যাক লৈ ৰবীন বৰদলৈয়ে ক্ষোভ-অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল । এইবাৰ কন্যাক প্ৰাৰ্থিত্ব দিয়াত তেওঁ যথেষ্ট উৎফুল্লিত হৈ পৰিছে । অসীমা বৰদলৈ গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ আৰু বিগত এটা দশকৰো বেছি সময় ধৰি তেওঁ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় নেত্রী হিচাপে সেৱা আগবঢ়াই আহিছে ।

আনহাতে অসীমা বৰদলৈৰ খুড়া বলীন বৰদলৈও ৰাজনৈতিক ক্ষেত্রখনৰ লগত জড়িত । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতে পূৱ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এইবাৰ সমষ্টিবাসী ৰাইজে প্ৰত্যাখ্যান কৰি কংগ্ৰেছক জয়যুক্ত কৰিব বুলি আশা প্ৰকাশ কৰে অসীমা বৰদলৈয়ে ।

লগতে পঢ়ক: গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

Last Updated : Mar 17, 2021, 7:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.