ETV Bharat / state

মিত্ৰতা হ'ল যদিও আসনক লৈ গাঠি লাগিছে কংগ্ৰেছ - এ আই ইউ ডি এফত - দুয়ো দলৰ মাজত মিত্ৰতা হ'ল যদিও এতিয়া জটিলতাৰ সৃষ্টি হৈছে

অংক মিলা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ । নামত মহাজোঁট । কিন্তু প্ৰকৃততে এয়া হ'ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাহে । দুয়ো দলৰ মাজত মিত্ৰতা হ'ল যদিও এতিয়া জটিলতাৰ সৃষ্টি হৈছে আসন ভাগ বাটোৱাৰাক লৈ ।

মিত্ৰতা হ'ল যদিও আসনক লৈ গাঠি লাগিছে কংগ্ৰেছ-এ আই ইউ ডি এফত

author img

By

Published : Jan 25, 2021, 6:49 PM IST

গুৱাহাটী, ২৫ জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই এতিয়া নিমিলা অংক হৈ পৰিছে । দুয়োটা দলৰ মাজত মিত্ৰতা হোৱাৰ পাচতো এতিয়া জটিলতাৰ সৃষ্টি হৈছে আসন ভাগ বাটোৱাৰাক লৈ । বিশেষকৈ নামনি অসমৰ ভালেকেইটা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সমানেই শক্তিশালী । তেনেক্ষেত্ৰত এই সমষ্টিসমূহ কোনে কাক এৰি দিব তাকে লৈহে এতিয়া দুই দলৰ মাজত আৰম্ভ হৈছে নিমিলা অংক ।

ইটিভি ভাৰতে লাভ কৰা খবৰ অনুসৰি, বিশেষকৈ এই জটিলতা অধিক প্ৰকট হৈছে ধুবুৰী জিলাত । কিয়নো ধুবুৰী সংসদীয় সমষ্টিটো আছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ হাতত । তাৰোপৰি এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহতো আছে দুয়ো দলৰেই আধিপত্য । ধুবুৰী জিলাৰ গৌৰীপুৰ, পশ্চিম বিলাসীপাৰা আৰু ধুবুৰী বিধানসভা আছে এ আই ইউ ডি এফৰ দখলত । ইয়াৰ বিপৰীতে আন দুটা সমষ্টি পূৱ বিলাসীপাৰা আৰু গোলকগঞ্জ আছে বিজেপিৰ দখলত ।

অংক মিলা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ
অংক মিলা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ

উল্লেখ্য যে, ২০১৬ ৰ নিৰ্বাচনত পূৱ বিলাসীপাৰা সমষ্টিৰ পৰা ৫৯,২০৬টা ভোট লাভ কৰি বিজেপিৰ অশোক কুমাৰ সিংঘী বিজয়ী হৈছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ অমৃত বাদশ্বাহে ৫৪,০০০টা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী মোছলেমুদ্দিন চৌধুৰীয়ে ৪৩,২১৩ টা ভোট লাভ কৰিছিল । ফলত এতিয়া এই আসনৰ পৰা এইবাৰ কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াব নে এ আই ইউ ডি এফে আগবঢ়াব তাকে লৈও জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে । অনুৰূপ জটিলতাৰ সৃষ্টি হৈছে পশ্চিম বিলাসীপাৰা, মানকাচৰ আৰু গোলকগঞ্জ সমষ্টিতো । অৱশ্যে প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিকেইটা কংগ্ৰেছে এ আই ইউ ডি এফক এৰি দিয়াৰ সম্ভাৱনাই অধিক ।

লগতে পঢ়ক:নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.