ETV Bharat / state

উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা দেৱব্ৰত শইকীয়াৰ - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

উপ-নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ পুনৰ পোষকতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বুধবাৰে বিৰোধী দলপতি গৰাকীয়ে এই প্ৰসংগত কয় যে, তেওঁ পূৰ্বৰে পৰাই এই কথা কৈ আহিছে আৰু এতিয়াও তেওঁ ব্যক্তিগতভাৱে উমৈহতীয়া প্ৰাৰ্থী থকাটোৱেই বিচাৰে ।

by elections
উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Sep 15, 2021, 7:26 PM IST

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : থাওৰা, মৰিয়নি, ভবানীপুৰ, মাজুলী, গোঁসাইগাঁও আৰু তামুলপুৰৰ উপ-নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ পুনৰ পোষকতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বুধবাৰে বিৰোধী দলপতি গৰাকীয়ে এই প্ৰসংগত কয় যে, তেওঁ পূৰ্বৰে পৰাই এই কথা কৈ আহিছে আৰু এতিয়াও তেওঁ ব্যক্তিগতভাৱে উমৈহতীয়া প্ৰাৰ্থী থকাটোৱেই বিচাৰে ।

উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা দেৱব্ৰত শইকীয়াৰ

আনহাতে, এফালে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব খোজা আৰু আনফালে থাওৰাৰ উপ-নিৰ্বাচনৰ বাবে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰা "ৰাইজৰ দল" কো বিৰোধী দলপতি গৰাকীয়ে আলাপ আলোচনাৰ মাধ্যমেৰে এক সমাধানসূত্ৰ উলিয়াবলৈ আহ্বান জনায় । তেওঁ কয় যে বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী এক হ’বই লাগিব । যিহেতু এতিয়াও উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই গতিকে এতিয়াই একো কব পৰাৰ পৰিবেশ নাই ।

একেদৰে তেওঁ অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফকো বিজেপিৰ বিৰোধিতা কৰাৰ স্বাৰ্থত অতি লক্ষণীয়ভাৱে আহ্বান জনায় । তেওঁ কয় " মই বিৰোধী দলপতিহে । মোৰ কাম বিধানসভাৰ ভিতৰত । বাকী বিৰোধী শক্তিক কিদৰে একত্ৰিত কৰিব পাৰি সেই সিদ্ধান্ত আমাৰ দলীয় নেতৃত্বইহে গ্ৰহণ কৰিব ।"

লগতে পঢ়ক: চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.