ETV Bharat / state

গুৱাহাটীৰ ভেকচিন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্রীৰ টুইট - covid positivity rate in guwahati

গুৱাহাটীত এতিয়ালৈকে পাঁচ লাখৰো অধিক লোকক প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ৷ গুৱাহাটীৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশৰো অধিক লোকে লাভ কৰিলে ভেকচিন । এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। অসমত এই পৰ্যন্ত মুঠ ৩৯,৭৯,৮২৮ গৰাকী লোকে ভেকচিন গ্ৰহণ কৰিছে। বিগত ২৪ ঘণ্টাত ৫,৭০৪ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৩ গৰাকী লোকৰ মৃত্যু হৈছে।

guwahati vaccine
গুৱাহাটীৰ ভেকচিন প্ৰক্ৰিয়াকলৈ মুখ্যমন্ত্রীৰ টুইট
author img

By

Published : May 28, 2021, 9:18 PM IST

গুৱাহাটী,২৮ মে': ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশৰো অধিক লোকে এই পৰ্যন্ত ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "মই এই কথা জনাবলৈ পাই সুখী যে গুৱাহাটীৰ ৫ লাখৰো অধিক লোকে এতিয়ালৈকে ক'ভিড ভেকচিন লাভ কৰিছে । গুৱাহাটীৰ মুঠ জনসংখ্যা ১২,৫৩,৯৩৮ আৰু ইয়াৰে ৪০ শতাংশৰো বেছি লোকে ইতিমধ্যে লাভ কৰিছে ভেকচিন ৷"

guwahati vaccine
গুৱাহাটীৰ ভেকচিন প্ৰক্ৰিয়াকলৈ মুখ্যমন্ত্রীৰ টুইট

উল্লেখ্য যে ক'ভিডৰ পৰা বাচি থকাৰ অন্যতম উপায় হিচাপে চিহ্নিত হৈছে ভেকচিন । তেনেস্থলত ভেকচিনৰ চাহিদা বৃদ্ধি পোৱাটো স্বাভাৱিক। কিন্তু চাহিদা অনুপাতে ভেকচিনৰ যোগান নোহোৱাত বহু লোকেই অপেক্ষা কৰিবলগীয়া হৈছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে যদিও যথেষ্ট লেহেমীয়া গতিত চলি আছে । অৱশ্যে ৰাজ্যৰ অন্য জিলাৰ তুলনাত গুৱাহাটী মহানগৰীত দ্ৰুত গতিত অব্যাহত আছে ভেকচিন প্ৰদান কাৰ্যসূচী । যি সময়ত ৰাজ্যৰ অন্য প্ৰান্তত ১০ শতাংশ লোককো টীকাকৰণ প্ৰক্ৰিয়াই স্পৰ্শ কৰিব পৰা নাই সেই সময়ত গুৱাহাটী মহানগৰীত ৪০ শতাংশ লোকে ভেকচিন পাবলৈ সক্ষম হৈছে। অৱশ্যে গুৱাহাটী মহানগৰীত সংক্ৰমণৰ হাৰো যথেষ্ট বেছি ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত এই পৰ্যন্ত মুঠ ৩৯,৭৯,৮২৮ গৰাকী লোকে ভেকচিন গ্ৰহণ কৰিছে । ইয়াৰে ৩১,৬০,৭২৪ গৰাকীয়ে ভেকচিনৰ প্ৰথম পালি আৰু ৮,১৯,১০৪ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে ।

ইফালে ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ আৰু মৃত্যুৰ কিৰিলি ৷ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৫,৭০৪ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৩ গৰাকী লোকৰ মৃত্যু হৈছে । আক্ৰান্তৰ হাৰ ৪.৭৮ শতাংশলৈ হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । উল্লেখ যে এতিয়ালৈকে ক'ভিডৰ বাবে ৰাজ্যৰ ৩,০৮৮ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ।

লগতে পঢ়ক:এটা দিনৰ ব্যৱধানত কৰ'ণাই প্ৰাণ ল'লে ভাতৃ-ভগ্নীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.