ETV Bharat / state

ডিমৌ দুৰ্ঘটনাঃ পৰিবহণ আয়ুক্তক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আহত যাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে

author img

By

Published : Sep 23, 2019, 3:05 PM IST

ডিমৌ দুৰ্ঘটনাঃ পৰিবহণ আয়ুক্তক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,২৩ ছেপ্টেম্বৰঃ ডিমৌত সংঘটিত কৰুণ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । দুৰ্ঘটনাত প্ৰাণহানি হোৱা যাত্ৰীসকলৰ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে,আহত যাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে। তাৰোপৰি পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক এই কৰুণ বাছ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে সোণোৱালে ।

আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ উপয়ুক্তকো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

উল্লেখ্য যে,শিৱসাগৰ জিলাৰ ডিমৌ থাওৰাদলত সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যাত্ৰীবাহী আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে গোলাঘাটৰ পৰা ডিব্ৰুগড় অভিমুখী কনকজ্যোতি নামৰ AS-05AC-5999 নম্বৰৰ আলট্ৰা বাছ এখনে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰত মুখামুখিকৈ খুন্দিওৱাৰ ফলত ট্ৰেভেলাৰখন পথৰ দাঁতিৰ খাৱৈত সোমাই পৰে ৷ এই দুৰ্ঘটনাটোত 9 জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 15 জনতকৈও অধিক যাত্ৰী কম-বেছি পৰিমাণে আহত হয় ৷ নিহত লোক কেইজন ডিমৌৰ নৰেন ভৰালী, ধেমাজিৰ হিৰণ্য জ্যোতি চেতিয়া (আছু,ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা),পিতা দিগন্ত চেতিয়া আৰু মাজুলীৰ পূৰ্ণ শৰ্মা (তিনিচুকীয়া আই টি আইৰ কৰ্মচাৰী) বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাটোত বাকী নিহত লোক কেইজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ নিহত সকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে ৷

Intro:গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ ডিমৌত সংঘটিত কৰুণ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দুৰ্ঘটনাত প্ৰাণহানি হোৱা যাত্ৰীসকলৰ আত্মাৰ সদ্গতি কামনা মুখ্যমন্ত্ৰীৰ।
Body:আহত যাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসন নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে, পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক এই কৰুণ বাছ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে।
Conclusion:আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ উপয়ুক্তকো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.