ETV Bharat / state

Coal syndicate in Assam: মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত কয়লা ছিণ্ডিকেট ! - মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত কয়লা ছিণ্ডিকেট

ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ গুৰুতৰ অভিযোগ (Coal syndicate in Assam)। মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত চলি আছে কয়লা ছিণ্ডিকেট । বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাক প্ৰত্যাহ্বান জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈৰ ।

Coal syndicate in Assam
মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত কয়লা ছিণ্ডিকেট
author img

By

Published : Dec 14, 2022, 5:01 PM IST

মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত কয়লা ছিণ্ডিকেট

গুৱাহাটী,১৪ ডিচেম্বৰ : দুর্নীতি বিৰোধী শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বৃহৎ ছিণ্ডিকেট চক্রই গা কৰি উঠিছে (Coal syndicate in Assam)। অসমৰ বনজ সম্পদ আৰু খনিজ সম্পদৰ ছিণ্ডিকেটৰাজ চলাই ব্যাপক লুণ্ঠন চলাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বাহিনীহে ! এই অভিযোগ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ নেতৃত্বৰ ।

বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কার্যালয়ত সংবাদমেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু নেতাৰ ছত্ৰছায়াত অসমত ব্যাপক হাৰত কয়লাৰ ছিণ্ডিকেট চলি আছে (Jatiya Yuva Vahini allegation about coal syndicate)। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটত জড়িত থকাৰ সন্দেহ কৰি তেওঁ কয় যে অসমৰ এগৰাকী মন্ত্ৰীক ছিণ্ডিকেটৰ মূল সেনাপতি হিচাপে নিযুক্তি দি কেইবাজনো শাসকীয় বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কয়লাৰ অবাধ ছিণ্ডিকেট চলাই থকা হৈছে । ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ তিনিচুকীয়া জিলাৰ নামদাং, আৰাধৰা, নামটক, বমগাৰা, চালিকী, পাহাৰপুৰ, লালপাহাৰত ব্যাপকভাৱে বন ধ্বংস কৰি কয়লাখননৰ কাম অব্যাহত ৰাখিছে বুলিও নেতাগৰাকীয়ে অভিযোগ কৰে ।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমামূৰীয়া অঞ্চলটো অবৈধ কয়লা খনন অব্যাহত ৰখাৰ অভিযোগ লক্ষ্যজ্যোতি গগৈৰ । প্রায় ৫০০ ৰো অধিক গধুৰ যন্ত্ৰৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লাৰ অবৈধ খনন অব্যাহত ৰাখিছে আৰু উক্ত কয়লাসমূহ কঢ়িয়াই থকাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে । সভাপতি লক্ষ্যজ্যোতি গগৈয়ে বর্তমান কয়লা খনন চলি থকা মাৰ্ঘেৰিটা-লিডু-লেখাপানীৰ শেহতীয়া ফটো আৰু ২০১৫ চনৰ ফটো প্ৰদৰ্শন কৰি কিদৰে কয়লা মাফিয়াই ঐতিহাসিক স্মৃতি বিজড়িত দিহিং পাটকাই পাহাৰৰ বুকু খান্দি তহিলং কৰিছে তাৰ তথ্য দাঙি ধৰে ।

ইফালে মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ এই অবৈধ খনন আৰু পৰিৱহণ বন্ধ কৰিবলৈ মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্রীতি কুমাৰীয়ে যোৱা ৭ ডিচেম্বৰ ২০২২ তাৰিখে পত্ৰ নং No. MRJ.1/2006/Pt/151/3031 ৰ জৰিয়তে ১৪৪ ধাৰা প্রয়োগ কৰে কিন্তু তিনিচুকীয়া জিলা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো নিতৌ শ শ অবৈধ কয়লাভর্তি বাহনৰ পৰিবহণ অব্যাহত আছে ।

অবৈধ কয়লাভর্তি বাহনসমূহে মাৰ্ঘেৰিটা অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্রতিখন বাহনত ৬৫,০০০ টকা, লিডু অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্রতিখন বাহনত ৭০,০০০ টকা আৰু লেখাপানী অঞ্চলৰ পৰা কয়লা কঢ়িয়াই আনিলে প্রতিখন বাহনত ৭৭,০০০ টকা ছিণ্ডিকেট চক্ৰক দিব লাগে বুলিও সংবাদমেলত অভিযোগ কৰে নেতাগৰাকীয়ে (Coal syndicate in Tinsukia)। লিডু-মাৰ্ঘেৰিটাত ব্যাপক অবৈধ কয়লাৰ ছিণ্ডিকেট চলি থকাৰ পাছতো বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই ছিণ্ডিকেট চলি থকা নাই বুলি সংবাদ মাধ্যমত দিয়া বক্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লক্ষ্যজ্যোতি গগৈয়ে । বিজেপি মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাক এদিন মাৰ্ঘেৰিটালৈ যাবলৈ আহ্বান জনালে লক্ষ্যজ্যোতি গগৈয়ে । গগৈয়ে লগতে নিজেই অবৈধ কয়লা খনন চলি থকা স্থানসমূহ দেখুৱাই দিব বুলিও তেওঁ ৰঞ্জীৱ শৰ্মাক প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক :Assam orunodoi scheme: বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি: জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.