ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আহ্বানক সহাঁৰি জনাবলৈ ৰাজ্যবাসীক অনুৰোধ মুখ্যমন্ত্ৰী সোণোৱালৰ - ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে

মুখ্যমন্ত্ৰীয়ে সকলোকে পৰিচ্ছন্নতা বজাই ৰাখি লক ডাউনৰ নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানক সহাঁৰি জনাবলৈও ৰাজ্যবাসীক অনুৰোধ জনায়

মুখ্যমন্ত্ৰী সোণোৱাল
মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Apr 3, 2020, 10:21 PM IST

গুৱাহাটী, ৩ এপ্ৰিলঃ ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে নিজৰ ঘৰৰ বাৰাণ্ডা পোহৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানক সফল কৰি তুলিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আজি বিয়লি এক ভিডিঅ' যোগে ৰাজ্যবাসীক এই অনুৰোধ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ লগতে সকলোকে পৰিচ্ছন্নতা বজাই ৰাখি লক ডাউনৰ নিয়ম মানি চলিবলৈও আহ্বান জনায় । এই বিপদৰ সময়ত জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.