ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱসত কি আহ্বান দৃষ্টিহীন ব্যক্তিৰ ? - INTERNATIONAL BRAILLE DAY 2025

আজি আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱস । এই বিশেষ দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এগৰাকী দৃষ্টিহীন ব্যক্তি হেমচন্দ্ৰ বৰাই ।

A visually impaired man urges govt to help on International Braille Day
আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 4:31 PM IST

ধেমাজি: আজি আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱস । দৃষ্টিহীনসকলৰ মানৱাধিকাৰৰ গুৰুত্ব উপলব্ধি কৰি ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে লুই ব্ৰেইলীৰ জন্মদিন ৪ জানুৱাৰীৰ দিনটোক ব্ৰেইলী দিৱস হিচাপে ঘোষণা কৰে । ইয়াৰ পিছতেই ২০১৯ চনৰে পৰা দৃষ্টিহীনসকলৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলী লিখন পদ্ধতিৰ গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় ।

এই ব্ৰেইলী দিৱসৰ দিনটোত চিনাকি কৰি দিব খুজিছোঁ ব্ৰেইলী পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰা এগৰাকী দৃষ্টিহীন লোকক ।

আন্তঃৰাষ্ট্ৰীয় ব্ৰেইলী দিৱস (ETV Bharat Assam)

ধেমাজি ভৰালীচুকৰ এজন দৃষ্টিহীন ব্যক্তি হেমচন্দ্ৰ বৰাই ১৯৮০ চনতেই বিহপুৰীয়া অন্ধ বিদ্যালয়ত ভৰ্তি হৈছিল । ১১ বছৰে ব্ৰেইলী পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰি অহা বৰাই ব্ৰেইলী পদ্ধতিত লিখন আৰু পঠন সম্পৰ্কে জনালে ই টিভি ভাৰতৰ আগত । তেওঁ কয়, “মই ১৯৮০ চনতেই বিহপুৰীয়াৰ অন্ধ বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ । এঘাৰ বছৰৰ পিছত ওলাই আহিলোঁ । আমি সেই শিক্ষাৰ জৰিয়তে বহুতো নজনা কথা জানিব পাৰিলোঁ । আমি যদি পঢ়া শুনা নকৰিলোহেতেন তেন্তে নাজানিলোহেতেন । এতিয়া পৃথিৱীৰ কিছু কথা জানিব পাৰিলোঁ ।"

তেওঁ লগতে কয়, “দৃষ্টিহীনসকলে ব্ৰেইলী পদ্ধতিত লিখা-পঢ়া কৰি জ্ঞান অৰ্জন কৰিব পাৰে ৷ সেয়ে দৃষ্টিহীন অথবা দৃষ্টি প্ৰতিবন্ধীসকলক ব্ৰেইলী পদ্ধতিত লিখা-পঢ়া কৰিবলৈ আহ্বান জনালোঁ । লগতে সকলো দৃষ্টিহীনক স্কুলত পঢ়াৰ সুবিধা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ ।" ইয়াৰ উপৰিও দৃষ্টিহীন ব্যাক্তিসকলক চৰকাৰে সা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাই বৰাই ৷ মন কৰিবলগীয়া যে চৰকাৰে এটা দিন ধুমধামেৰে এই দিৱস উদযাপন কৰাৰ সময়তে ধেমাজিৰ এইগৰাকী ব্ৰেইলীত শিক্ষা আহৰণ কৰা ব্যক্তিয়ে কটাইছে দুবিৰ্ষহ জীৱন । ৰে'লত ভিক্ষাবৃত্তিৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে ।

লগতে পঢ়ক: ট্ৰেনজিট কেম্পৰ পহৰাৰ মাজতেই পলায়ন তিনি ৰোহিংগীয়াৰ - ROHINGYA IN GOALPARA TRANSIT CAMP

১৮ দিনৰ অন্তত অৰুণাচলৰ ঘন জংঘলত অপহৃত প্ৰকাশ চেত্ৰীক মুকলি ! - JAGUN ABDUCTION CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.