গুৱাহাটী, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ পুৱাতেই মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড় আৰু চৰাইদেউত দুটাকৈ গ্ৰেনেড বিস্ফোৰণে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য । খানাপাৰাত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ লোৱাৰ পিচতেই এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই বিস্ফোৰণৰ অতি শীঘ্ৰেই তদন্ত কৰি ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
আৰু পঢ়কঃগণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট জাৰি