ETV Bharat / state

The Kashmir files ৰ দৰ্শক হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Mar 15, 2022, 9:10 PM IST

দ্য কাশ্মীৰ ফাইল্ছ চাবলৈ 'গুৱাহাটী চিটি মল'ৰ পিভিআৰ চিনেমা হলত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta in theatre to watch Kashmir files) ৷ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে কেবাগৰাকী কেবিনেট মন্ত্ৰী, বিধায়ক দ্য কাশ্মীৰ ফাইল্ছ চাবলৈ গৈছে ।

cm-himanta-in-theatre-to-watch-the-kashmir-files
The Kashmir files ৰ দৰ্শক হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 15 মাৰ্চ : দলে-বলে গুৱাহাটী চিটি মলৰ পিভিআৰ চিনেমা হলত জনপ্ৰিয় অভিনেতা অনুপম খেৰ অভিনীত ছবি দ্য কাশ্মীৰ ফাইল্ছ চাবলৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta in theatre to watch Kashmir files)। বিধানসভাত চলি থকা বাজেট অধিৱেশনৰ মঙলবাৰৰ কাযসূচী সামৰি পোনে পোনে সদলবলে দ্য কাশ্মীৰ ফাইল্ছ উপভোগ কৰিবলৈ সন্ধিয়া প্ৰায় ৭ বজাত গুৱাহাটী চিটি মলত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ।

গুৱাহাটী চিটি মলত উপস্থিত হোৱাৰ লগে লগে তাত উপস্থিত লোকসকলে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়। মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে কেবাগৰাকী কেবিনেট মন্ত্ৰী, শাসক দলৰ বিধায়ক আৰু বিৰোধী দলৰ বিধায়ক দ্য কাশ্মীৰ ফাইল্ছ উপভোগ কৰিবলৈ গৈছে । উল্লেখ্য যে, দ্য কাশ্মীৰ ফাইল্ছ ১১ মাৰ্চত মুক্তি লাভ কৰিছিল ৷ মুক্তিৰ পিছতেই বিশেষ চৰ্চা লাভ কৰিছে ছবিখনে ।

দ্য কাশ্মীৰ ফাইল্ছ ছবিখন নিৰ্দেশনা কৰিছে বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে ৷ ছবিখনত নিৰ্মাতাই কাশ্মীৰী পণ্ডিত সকলে কাশ্মীৰ এৰি পলাই যাব লগীয়া হোৱা কাহিনীক অতি সূক্ষ্মভাৱে উপস্থাপন কৰিছে (exodus of kashmiri pandits) ৷ দৰ্শকৰ মাজত ছবিখনকলৈ অন্য এক উৎসাহ দেখা পোৱা গৈছে ।

লগতে পঢ়ক : বিৰোধী বিধায়কক একেলগে The Kashmir files চাবলৈ লগ ধৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.