গুৱাহাটী, 26জুন: ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ লগতে টীকাকৰণৰ স্থিতি সন্দৰ্ভত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এক বৈঠকত মিলিত হয় ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ৰাজ্য চৰকাৰৰ আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্তৃতভাৱে আলোচনা কৰে ৷
বিতং পৰ্যালোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে পজিটিভিটিৰ হাৰ অতি বেছি হোৱা অঞ্চলসমূহত ক্ষুদ্ৰ-অৱৰূদ্ধ ক্ষেত্ৰ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ সকলো ফ্ৰণ্টলাইন কৰ্মীৰ এশ শতাংশ টীকাকৰণ নিশ্চিত কৰিবলৈ এক নিৰ্দেশ দিয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে টীকাকৰণ শিবিৰত সামাজিক দূৰত্বৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
উক্ত পৰ্যালোচনা বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনবাদী কৰ্মীসকলৰ মাহিলী পাৰিশ্ৰমিকৰ ওপৰতো এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে ৷ সমাজৰ অসুৰক্ষিত শ্ৰেণীৰ সৈতে পোনপটীয়া সংস্পৰ্শত থকা অংগনবাদী কৰ্মীসকলে ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰা পৰ্যন্ত তেওঁলোকৰ মাহিলি পাৰিশ্ৰমিক মুকলি নকৰিবলৈ ড৹ শৰ্মাই উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰে ৷
সেইদৰে সংশ্লিষ্ট জিলাসমূহলৈ অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিবসকলৰ ভ্ৰমণ এক নিয়মীয়া প্ৰক্ৰিয়া হিচাপে চলি থকাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক তেওঁলোকৰ কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলাবলৈ শিবিৰ কাৰ্যালয় স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা স্বাস্থ্য কৰ্মকৰ্তা আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক বৃহৎ টীকাকৰণ শিবিৰৰ সফলতাৰ ক্ষেত্ৰত তেওঁলোকে পালন কৰা ভূমিকাৰ বাবে প্ৰশংসাও কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে ৪ বজাৰ পৰা ৫ বজালৈ স্বাস্থ্য বিভাগৰ লগতে কেবাটাও বিভাগৰ সৈতে হোৱা বৈঠকত ক'ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ সভাপতিত্বত এক আলোচনা কৰা হয় । ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি ক'ভিডৰ কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে ৷
সোমবাৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া এই নিৰ্দেশনা অনুসৰি ৪ খন জিলা ক্ৰমে বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা আৰু গোলাঘাট মহকুমাত সম্পূৰ্ণ ল'কডাউন দিয়া হ'ব । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো দিশ বন্ধ থাকিব যদিও শাৰীৰিক দূৰত্ব প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৫ বজালৈ গেলামালৰ দোকান খোলা থাকিব । শাক-পাচলিৰ বিপনীও খুলিব পাৰিব ৷
লগতে পঢ়ক: নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন