ETV Bharat / state

২২ জানুৱাৰীত ৰাজ্যজুৰি বন্তি প্ৰজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 12:43 PM IST

Assam CM on Ram Mandir : ৰাম মন্দিৰক লৈ উচ্ছসিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ২২ জানুৱাৰীত অসমত সকলোৰে ঘৰত বন্তি জ্বলাবলৈ আহ্বান ৷ লগতে ৰাজ্যৰ সকলো ধৰ্মীয় উপাসনা গৃহত 4 দিনীয়া স্বচ্ছ ভাৰত কাৰ্যসূচীৰ আহ্বান ৷

২২ জানুৱাৰীত ৰাজ্যজুৰি বন্তি প্ৰজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ
২২ জানুৱাৰীত ৰাজ্যজুৰি বন্তি প্ৰজ্বলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ
ৰাম মন্দিৰ উদ্বোধনী উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১১ জানুৱাৰী : "২২ জানুৱাৰীৰ দিনটোৱে ৫০০ বছৰীয়া গোলামিৰ শৃংখল ভাঙি এক অনন্য স্বাধীনতা আনি দিব ৷" এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ২২ জানুৱাৰীৰ দিনা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সেইদিনা অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্জ্বলন কৰিবলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

ৰাম মন্দিৰক লৈ বিশেষভাৱে ইয়াৰ উদ্বোধনী কাৰ্যসূচীক লৈ উৎসাহিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও ৷ এই উপলক্ষে ৰাজ্যজুৰি ১৬ জানুৱাৰীৰ পৰা এলানি কাৰ্যসূচীও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি কৰ্মকৰ্তাৰ লগতে অসমবাসীলৈ বিশেষ আহ্বানো জনাইছে হিমন্ত বিশ্ব শৰ্মাই ৷

২২জানুৱাৰী দিনটোৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ভাৰতবাসী আৰু অসমবাসী কৃতজ্ঞ হৈ ৰ’ব বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি কৰ্মকৰ্তাৰ লগতে অসমবাসীলৈ আহ্বান জনাই কয়, "২২ জানুৱাৰীৰ দিনটোত অসমবাসীয়ে ঘৰে ঘৰে এগচিকৈ চাকি জ্বলোৱাৰ লগতে ৰামৰাজ্যৰ কামনা কৰিব ৷ ২১ জানুৱাৰীৰ দিনটোত বিজেপিৰ যুৱ মৰ্চাই ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে ৷ ১৬-১৯ জানুৱাৰীলৈ ৪ দিন ৰাজ্যৰ প্ৰতিটো ধৰ্মৰে উপাসনা গৃহত স্বচ্ছ ভাৰত অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৷"

লগতে ২০ জানুৱাৰীত সমগ্ৰ ৰাজ্যতে ভদীয়া নামৰ দৰে নাম প্ৰসংগ কৰা হ’ব বুলি বিজেপিৰ এখন বিশেষ সভাত বুধবাৰে নিশা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইয়াৰ উপৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হিমন্ত বিশ্ব শৰ্মা ৷ সমগ্ৰ দেশৰ লগতে অসমতো শীঘ্ৰেই ইউনিফৰ্ম চিভিল ক’ড প্ৰয়োগৰ বাবে আগ্ৰহেৰে বাট চাই আছে মুখ্যমন্ত্ৰী শৰ্মাই ৷ এই কথাও সগৌৰৱেৰে বিজেপিৰ দলীয় সভাত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :বৰতাল বজাই আজি নিৰ্বাচনী ৰণডংকা বজালে জে পি নাড্ডাই : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.