গুৱাহাটী, ২৯ মে':গুৱাহাটীৰ জালুকবাৰীত সংঘটিত পথ দুৰ্ঘটনাস্থলী সোমবাৰে পুৱা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM visited accident spot in Jalukbari)। উল্লেখ্য যে মহানগৰীৰ জালুকবাৰীত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰ থিতাতে হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি কয়," এই দুৰ্ঘটনাটোত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰৰ মৃত্যু হৈছে । এয়া অতি দুঃখজনক ঘটনা (CM react on Jalukbari road accident)। ঘটনাটোৰ বাবে মই দুখ প্ৰকাশ কৰিছো । দুৰ্ঘটনাটোত আহত কেইজন বৰ্তমান সংকটমুক্ত । "
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়," যিসকল ল'ৰা-ছোৱালী গুৱাহাটীত আহি পঢ়ি আছে তেওঁলোকৰ মা- দেউতাকক মই অনুৰোধ কৰো যাতে অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক অলপ চকু দিয়ে । সদায় যোগাযোগ ৰাখে কি কৰি আছে । লগতে মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ক’ম যাতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই অলপ ছাত্ৰ ছাত্ৰীক চকু দিয়ে ।" তেওঁ কয় ," ঘটনাটো অতি দুঃখজনক । সকলো কথা স্পষ্ট যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিব ।"
উল্লেখ্য যে, ছাত্ৰকেইজন এখন স্ক'ৰপিঅ' বাহনত আছিল (Road accident in Guwahati)। মাজনিশা আহি থকা স্ক'ৰপিঅ' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বলেৰ' পিকআপ ভানক খুন্দা মাৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । স্ক'ৰপিঅ' বাহনখনত থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰ থিতাতে নিহত হয় । নিহত ছাত্ৰ কেইজনৰ নাম ডিব্ৰুগড়ৰ ইমন বৰুৱা, মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মহন, গুৱাহাটীৰ অৰিন্দম ভাৱাল, নুমলীগড়ৰ নিয়ৰ ডেকা, নগাঁৱৰ উপাংশু শৰ্মা আৰু মাজুলীৰ ৰাজকিৰণ ভূঞা ।
নিহত আটাইকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু ৭ নম্বৰ হোষ্টেলৰ আৱাসী (Assam Engineering College)। দুৰ্ঘটনা সংঘটিত হোৱা স্ক'ৰপিঅ'খনৰ নম্বৰৰ AS-01-FK-9605 আৰু বলেৰ পিক আপ ভানখনৰ নম্বৰ AS-01-GC-8829 । দুৰ্ঘটনাটোত বলেৰ' পিক আপ ভানৰ চালক হেণ্ডিমেনসহ চাৰিজনকৈ লোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে, স্ক'ৰপিঅ'খনত উদ্ধাৰ হৈছে সুৰাৰ বটল ।
লগতে পঢ়ক:AEC Students Killed in Road Mishap: ৰাজকিৰণ ভূঞাৰ মাজুলীৰ বাসগৃহত শোকাকুল পৰিবেশ