ETV Bharat / state

Independence Day 2023: কি কি অন্তৰ্ভুক্ত কৰা হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ?

author img

By

Published : Aug 6, 2023, 7:48 PM IST

১৫ আগষ্টৰ পূৰ্বে ৮ আগষ্টত অসমৰ সকলো গাঁও পঞ্চায়তত একোখনকৈ 'শিলা ফলক' স্থাপন কৰা হ'ব। প্ৰতিখন গাঁও পঞ্চায়তত ৰোপণ কৰা হ'ব ৭৫ জোপাকৈ গছপুলি। ১৪ আগষ্টত পালন কৰা হ'ব 'বিভাজন বিভীষিকা দিৱস'। ১৩ আগষ্টত গুৱাহাটীৰ দীঘলীপুখুৰীৰ চাৰিওফালে হ'ব অসম আৰক্ষীৰ মাৰ্চ পাষ্ট। ২৩ আগষ্টৰ পৰা আৰম্ভ হ'ব মাটি যাত্রা। দেশৰ প্ৰতিখন গাঁৱৰ মাটি ব্যৱহাৰ হ'ব দিল্লীৰ কৰ্তব্য উদ্যানত।

press-meet-by-cm-himanta-biswa-sarma
কি কি অন্তৰ্ভুক্ত কৰা হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচীত?

গুৱাহাটী, ৬ আগষ্ট : অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ অসম চৰকাৰে বিশেষ কিছু কাৰ্যসূচীৰে উদযাপন কৰিব স্বাধীনতা দিৱস। এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে পালন কৰিব দিয়া কাৰ্যসূচীৰ লগতে অসম চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ সবিশেষ সদৰী কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ১৫ আগষ্টৰ পূৰ্বে ৮ আগষ্টত অসমৰ সকলো গাঁও পঞ্চায়তত একোখনকৈ 'শিলা ফলক' স্থাপন কৰা হ’ব। গ্ৰেনাইড পাথৰৰ হ'ব এই ফলক। সেই ফলকত নাম থাকিব সংশ্লিষ্ট গাঁও পঞ্চায়তৰ অন্তৰ্গত স্বাধীনতা সংগ্ৰামীৰ লগতে বীৰ শ্বহীদৰ নাম। তেনে ব্যক্তি নাথাকিলে মুক্তি যোদ্ধাৰ নাম থাকিব। এই ফলকখন অমৃত সৰোবৰৰ কাষত নাইবা গাঁও পঞ্চায়তৰ মুখ্য স্থানত স্থাপন কৰা হ'ব।

ইয়াৰ পাচত ৯ আগষ্টৰ পৰা ১৪ আগষ্টৰ ভিতৰত ফলৰ কাষত গাঁওখনৰ লোক একত্রিত হৈ সংকল্প গ্ৰহণ কৰিব আৰু লগতে ফটো লৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, স্বাধীনতা দিৱস উপলক্ষ্যে 'বসুধা বন্দন'ৰ কাৰ্যসূচীৰ অধীনত ৯ৰ পৰা ১৪ আগষ্টলৈ প্ৰতিখন গাঁও পঞ্চায়তত ৭৫ জোপাকৈ গছপুলি ৰোপণ কৰা হ'ব। আনহাতে ১৪ আগষ্টত পালন কৰা হ'ব 'বিভাজন বিভীষিকা দিৱস'।

এই দিৱসৰ প্ৰসংগত শৰ্মাই কয় যে, সিদিনা ৰাজ্যজুৰি ভাৰত-পাকিস্তানৰ বিভাজনৰ দুখ-বেদনাক স্মৰণ কৰা হ'ব। প্ৰত্যকখন জিলাৰ সদৰত এই কাৰ্যসূচী পালন কৰা হ'ব। দেশৰ অখণ্ডতাৰ বাবে এই দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীত সংকল্প লোৱা হ'ব। তেওঁ লগতে কয় যে ১৩ আগষ্টত গুৱাহাটীৰ দীঘলীপুখুৰীৰ চাৰিওফালে অসম আৰক্ষীৰ মাৰ্চ পাষ্ট হ'ব। আনহাতে এইবাৰো ঘৰ ঘৰ ত্রিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ঘৰে ঘৰে ত্রিৰংগা উৰুৱাবলৈ আহ্বান জনায়। ১৫ আগষ্টৰ পাচত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনত দেশজোৰি আয়োজন কৰা বিশেষ কাৰ্যসূচীৰ প্ৰসংগত তেওঁ কয় যে ২৩ আগষ্টৰ পৰা মাটি যাত্রা আৰম্ভ হ'ব। ২৩ আগষ্টত অসমৰ প্ৰতিখন গাঁৱৰ পৰা মাটি সংগ্ৰহ কৰা হ'ব। গাঁৱৰ পৰা সংগ্ৰহ কৰা মাটি প্ৰভাত ফেৰী কৰি পঞ্চায়তলৈ নিয়া হ'ব। পঞ্চায়তত গাঁৱৰ মাটিখিনি সংমিশ্ৰণ কৰি ২৪ আগষ্টত ব্লকলৈ নিয়া হ'ব। ব্লকত মাটিখিনি মিহলি কৰি দুটা কলহত ভৰাই ২৫ আগষ্টৰ বিয়লি গুৱাহাটীলৈ অনা হ'ব।

ইয়াৰ পিচত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠান পাতি ব্লকৰ পৰা অনা কলহৰ মাটিৰ ভূমি পূজন কৰা হ'ব। ২১৯ টা ব্লকৰ পৰা এন চি চি নাইবা এন এছ এছৰ একোজন যুৱকে নাইবা বিহুৰ গীনিজ ৰেকৰ্ডৰ অনুষ্ঠানত ভাগ লোৱা বিহুৱা-বিহুৱতীয়ে এই কলহ দুটা গুৱাহাটীলৈ আনিব। দুটা কলহৰ এটা অসম চৰকাৰে ৰাখিব আৰু এটা দিল্লীলৈ পঠিওৱা হ'ব। ২৬ আগষ্টৰ নিশা এটা কলহ দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব।

৩০ আগষ্টত দিল্লীত মাটি যাত্রা হ'ব আৰু দেশৰ সকলো ৰাজ্যৰ পৰা মাটি আহিব। প্ৰধানমন্ত্রীৰ 'কৰ্তব্য পথত' কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন গাঁৱৰ মাটি কৰ্তব্য পথত উদ্যানত ব্যৱহাৰ কৰা হ'ব।

তেওঁ কয় যে, অসম চৰকাৰে এটাকৈ ৰখা কলহসমূহৰ মাটি কনকলতা বৰুৱাৰ নামত গহপুৰত নিৰ্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমিপূজনত ব্যৱহাৰ কৰা হ'ব। মাটি যাত্রাৰ সামৰণিৰ লগে লগে অমৃত মহোৎসৱৰ সামৰণি পৰিব আৰু আৰম্ভ হ'ব অমৃত কাল। আনহাতে ১৫ আগষ্টৰ দিনা পতাকা উত্তোলনৰ পাচত 'বীৰৰ বন্দনা' কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

এই কাৰ্যসূচীৰ যোগেদি চৰকাৰীভাৱে অৱসৰপ্ৰাপ্ত সেনা জোৱান, আৰক্ষী জোৱানৰ লগতে মুক্তিযোদ্ধা আৰু শ্বহীদৰ পৰিয়ালৰ ঘৰলৈ যোৱা হ'ব আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। মন্ত্রী-বিধায়ক তথা সাংসদ সকলেও এই কাৰ্যসূচীত অংশ ল'ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী খানাপাৰাৰ খেলপথাৰতে হ'ব যদিও কিছু ব্যতিক্ৰমীভাৱে হ'ব। সংবাদমেলত সাংসদ পবিত্র মাৰ্ঘেৰিটা উপস্থিত আছিল।

লগতে পঢ়ক: Price hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম প্রদেশ কংগ্ৰেছ কমিটি; সংবাদমেল সম্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.