ETV Bharat / state

দুলাল বৰাক আদালতে পঠিয়ালে কাৰাগাৰলৈ - Debajit Hazarika suicide case

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

RTI activist Dulal Borah : ৫ দিনৰ আৰক্ষীৰ জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক । দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ পাছতে আত্মগোপন কৰি থকা অৱস্থাত দিল্লীত গ্ৰেপ্তাৰ হৈছিল দুলাল বৰা । সোমবাৰে দুলাল বৰাৰ‌ গুৱাহাটীৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাইছিল আৰক্ষীয়ে ।

Controversial RTI activist Dulal Bora sent to judicial custody in Sonari
জিলা ন্যায়িক আদালতত হাজিৰ দুলাল বৰা (ETV Bharat Assam)

মৰাণ,১ অক্টোবৰ: অৱশেষত জেললৈ প্ৰেৰণ আৰ টি আই কৰ্মী দুলাল বৰাক । মঙলবাৰে চৰাইদেউ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বৰাক । চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা ।

যোৱা ২৫ ছেপ্টেম্বৰত বুধবাৰে পুৱাই দিল্লীত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুলাল বৰাক । বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা গুৱাহাটীলৈ ট্ৰানজিত ৰিমাণ্ডত অনা হৈছিল দুলাল বৰাক । গুৱাহাটীৰ পৰা পোনে পোনে দুলাল বৰাক চৰাইদেউৰ সোণাৰি আৰক্ষী থানালৈ অনা হয় । ইয়াৰ পিছতে সোণাৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰাই ৫ দিনৰ নিজৰ জিম্মাত লৈছিল বিতৰ্কিত আৰ টি আই কৰ্মীজনক আৰু আজি অৰ্থাৎ ৫ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত চৰাইদেউ আৰক্ষীয়ে চৰাইদেউ জিলা ন্যায়িক আদালতত তেওঁক হাজিৰ কৰায় । আদালতে দুলাল বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আনহাতে দুলাল বৰাক আজি আদালতত হাজিৰ কৰাৰ পুৰ্বে সোমবাৰে গুৱাহাটী আৰক্ষীৰ সহযোগত সোণাৰি আৰক্ষীয়ে দুলাল বৰাৰ‌ গুৱাহাটীৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাইছিল । অভিযান‌কালত কেনে তথ্য লাভ কৰিলে এই কথা আৰক্ষীয়ে অৱগত কৰা নাই ।

উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰত চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাই ঘৰৰ সমীপত থকা মুকলি প্ৰেক্ষাগৃহত আত্মহত্যা কৰিছিল । সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ কৰি গৈছিল আত্মহত্যাৰ কাৰণ । বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলাই অহাৰ কথা উল্লেখ কৰি সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চুইচাইড নোটত উল্লেখ কৰি গৈছিল উক্ত চাৰিজনৰ নাম ।

ঘটনাৰ দিনাই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত বিডিঅ' ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰিছিল যদিও পলাতক হৈ আছিল দুলাল বৰা আৰু সোণাৰিৰ সাংবাদিক ৰফিক আহমেদ । অৱসৰপ্ৰাপ্ত বিডিঅ' ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক পুৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । আনহাতে সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: বিতৰ্কিত দুলাল বৰাক পাঁচদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ - Debajit Hazarika suicide case

সোণাৰি থানাত দুলাল বৰাক জেৰা; আজি হাজিৰ কৰোৱা হ'ব চৰাইদেউ ন্যায়িক আদালতত - Sonari BJP Leader Suicide Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.