ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা - Gauhati University

Violent in Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে বন্ধ কৰিলে আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাস । দুয়োটা হোষ্টেলৰ আবাসীসকল সংঘাতত লিপ্ত হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ছাত্ৰাবাস দুটা খালী কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ইয়াৰ পাছতেই ছাত্ৰাবাসৰ আবাসীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

Violent in Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 8:18 PM IST

গুৱাহাটী, ১ অক্টোবৰ: নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ শেহতীয়া এক জাননীক লৈ বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে আন এক অচলাৱস্থাৰ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসলৈ জাননী জাৰি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

যোৱা ৩০ ছেপ্টেম্বৰত জাৰি কৰা হৈছে এই জাননী । ২৪ ঘন্টাৰ ভিতৰত দুয়োটা ছাত্ৰাবাসৰ আবাসীসকলক ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে জাননীখনত । আন ছাত্ৰাবাসত স্থানান্তৰিত হোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসৰ ছাত্ৰসকলক নিদেৰ্শ দিয়া হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা (ETV Bharat Assam)

এই জাননীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ছাত্ৰাবাসৰ আবাসীসকল । ইয়াকে লৈ বিশ্ববিদ্যালয়ত বিৰাজ কৰিছে এক চেপা উত্তেজনা । বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । এই সন্দৰ্ভত আবাসীসকলে স্মাৰকপত্ৰ দিয়াৰ যো-জা চলাইছে । গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে ছাত্ৰাবাসৰ আবাসীসকলে ।

কিয় জাৰি কৰা হৈছে এই জাননী:

গুৱাহাটী বিশ্ববিদ্যালয়ত যোৱা ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে নিশা বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰসকলকৰ‌ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰবাসৰ একাংশ ছাত্ৰৰ মাজত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা‌ সংঘটিত হয় । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীত উল্লেখ কৰা মতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাসৰ একাংশ ছাত্ৰৰ মাজত হিংসাত্মক ঘটনা‌ সংঘটিত হৈছিল । এই ঘটনাত বিশ্ববিদ্যালয়ৰ বাহিৰৰ শক্তি জড়িত আছিল ।

Violent in Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা (ETV Bharat Assam)

এই ঘটনাত দুয়োখন আবাসৰ কেবাগৰাকী ছাত্ৰ আৰু নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হৈছে । এতিয়াও ইয়াৰে একাংশ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু ছাত্ৰসকলৰ পঢ়াত ব্যাঘাত নজন্মাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জাননীখনত উল্লেখ কৰা হৈছে ।

বিশ্ববিদ্যালয়ত অচলাৱস্থা:

২৪ ঘন্টাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাস খালী কৰি নিৰ্ধাৰণ কৰি দিয়া আন ছাত্ৰাবাসলৈ স্থানান্তৰিত হোৱাৰ বাবে নিৰ্দেশ দিয়াৰ পিছত বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰাবাসৰ আবাসীসকল জাঙুৰ খাই উঠিছে । কাৰণ আন ছাত্ৰাবাসত সীমিত আসন আছে ।

এইক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ১ নং আৰু ২ নং ছাত্ৰাবাস খালী কৰি আন ছাত্ৰাবাসত থাকিলে আসনক লৈ সমস্যাৰ সৃষ্টি হ'ব বুলি আবাসীসকলে প্ৰতিবাদ কৰিছে ।

লগতে পঢ়ক: কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা - GU Election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.