ETV Bharat / state

CM Himanta Biswa Sarma: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল'শ্বিপ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:05 PM IST

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ ৷ উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে ৷

CM Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় ফেল'শ্বিপ

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ বিশেষ সন্মান ৷ ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে ৷ লি কুয়ান য়ু ফেল'শ্বিপৰ অংশ হিচাবে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্রণ জনোৱা হৈছে ৷

দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মান স্বৰূপে এই ফেল'শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে ৷ ছিংগাপুৰৰ প্ৰতিষ্ঠাপক প্ৰধানমন্ত্রী লি কুয়ান য়ু-এ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি শ্রদ্ধা জ্ঞাপনার্থে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে ৷ এই ফেল'শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্ৰধানমন্ত্রী ৷

উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে ৷ এই ফেল’শ্বিপ লাভ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ৷ উল্লেখ্য যে পূর্বে এই ফেল'শ্বিপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বৌৰী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ মনটেক সিং আলুৱালিয়াৰ দৰে বিশিষ্ট ব্যক্তিসকলে লাভ কৰিছে ৷

১৯৯১ চনত প্ৰতিষ্ঠিত লি কুয়ান য়ু এক্সছেঞ্জ ফেল'শ্বিপৰ জৰিয়তে এই ফেল’শ্বিপ প্রাপকসকলক উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হয় ৷ উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসিদ্ধি বৰ্ত্তমান কেৱল ৰাজ্যতে সীমাবদ্ধ হৈ থকা নাই ৷ দেশ-বিদেশতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামটো বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে ৷

বৰ্তমান দেশৰ চৰ্চিত ব্যক্তিসকলৰ ভিতৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও এজন ৷ ছিংগাপুৰৰ এই বিশেষ সন্মান লাভৰ বাবে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সতীৰ্থ মন্ত্রী-বিধায়ক সকলৰ লগতে দলীয় কাৰ্যকৰ্তাসকল ৷

লগতে পঢ়ক : Computer Teachers in Assam: চাকৰিক লৈ অনিশ্চয়তাত ৰাজ্যৰ সহস্ৰাধিক কম্পিউটাৰ শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.