ETV Bharat / state

ৰাহুল গান্ধীক মহাত্মা গান্ধী নহয় বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jun 1, 2022, 10:40 PM IST

ৰাহুল গান্ধীয়ে ক’ৰ পৰা টুইট(Rahul Gandhi tweet) কৰে সেয়া ৰাইজক অৱগত কৰাবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই ৷ যিহেতু ৰাহুল গান্ধী মহাত্মা গান্ধী নহয়, সেয়ে টুইটাৰত বাণী বিলাবলৈও মানা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma criticises Rahul Gandhi৷) ৷ কেৱল ইমানেই নহয়, উত্তৰ-পূৱক দিল্লীয়ে মাহী আইৰ দৃষ্টিৰে চোৱাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

Rahul Gandhi tweet
ৰাহুল গান্ধীক মহাত্মা গান্ধী নহয় বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 1 জুন: কংগ্ৰেছ দলক উদ্ধাৰ কৰাৰ বাবে গান্ধী পৰিয়ালৰ শক্তি নাই । দেশৰ ৰাজনীতিত গান্ধী পৰিয়াল এতিয়া নিশকতীয়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ হেঙেৰাবাৰীত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে (Himanta Biswa Sarma on Congress)।

মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ টুইট(Rahul Gandhi tweet) সম্পৰ্কত মন্তব্য দি কয়, ৰাহুল গান্ধীয়ে ক’ৰ পৰা টুইট কৰে সেয়া ৰাইজক অৱগত কৰিব লাগে । বিদেশত থাকি দেশৰ আভ্যন্তৰীণ সমস্যাক লৈ ৰাহুল গান্ধীয়ে টুইট কৰা বন্ধ কৰিব লাগে (Himanta Biswa Sarma criticises Rahul Gandhi৷)। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে বাণী দিয়া বন্ধ কৰিব লাগে । কাৰণ ৰাহুল গান্ধী মহাত্মা গান্ধী নহয় ।"

তেওঁ কয় যে কংগ্ৰেছৰ নেতাসকলৰ মাজত এতিয়া ব্লেক মেইলিং আৰম্ভ হৈছে । দেশৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আৰু বেছি দিন নাই । তেওঁ কয় যে অহা ২০২৪ৰ লোকসভা নিৰ্বাচনত(2024 Lok Sabha election) কংগ্ৰেছ দলে দেশত ৩২ ৰ পৰা ৩৫ খন আসন পাব । কংগ্ৰেছৰ শাসনৰ সময়ত কংগ্ৰেছ দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণ অৱজ্ঞা কৰিছিল বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

কংগ্ৰেছৰ শাসনকালত দিল্লীত গৈ কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ পোৱাটো সৌভাগ্যৰ কথা আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিৰ আঠ বছৰীয়া শাসনত এই ধাৰণা সম্পূৰ্ণ সলনি হৈছে । আগতে কংগ্ৰেছৰ শাসনত উত্তৰ-পূৱ দিল্লীৰ দুৱাৰডলি আছিল (Doorstep of North East) আৰু এতিয়া বিজেপিৰ শাসনকালত দিল্লী উত্তৰ-পূবৰ দুৱাৰডলিত ৷

লগতে পঢ়ক: GDP ৰ পুনৰুদ্ধাৰৰ কোনো লক্ষণ নাইঃ চিদাম্বৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.