ETV Bharat / state

Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ - গুৱাহাটী পৌৰ নিৰ্বাচন

শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ লগতে প্ৰায়সমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে (Himanta Biswa Sarma comments on price rise)৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত কয় যে, সামগ্ৰীৰ দামৰ ক্ষেত্ৰত চৰকাৰ এতিয়াও সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল’ব ৷ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত সহযোগিতাহে আগবঢ়াব ৷

Price Rise in Assam
দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ
author img

By

Published : Apr 6, 2022, 5:18 PM IST

গুৱাহাটী, ৬ এপ্ৰিল: 'কংগ্ৰেছে আজি পাপ কৰা বুলি কৈছে যদিও লোকসভাত আকৌ এ আই ইউ ডি এফৰে হাত মিলাব কংগ্ৰেছে ।' - এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফৰে কৰা মিত্ৰতাক পাপ কৰিলো বুলি কৰা মন্তব্য সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে তেওঁলোকৰ কথাৰ কোনো মূল্য নাই । কি ৰাস্তাৰে তেওঁলোক গৈ আছে, কি ভৱিষ্যৎ দেখিছে কংগ্ৰেছে বুজা নাই । সেইটো তেওঁলোকেহে জানে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । আনহাতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ পৰ্যায়ত চিন্তা-চৰ্চা হৈ আছে নাইবা নিশ্চয় হ'ব । লগত ৰাজ্য চৰকাৰো থাকিব । কিন্তু এতিয়াও পৰিৱেশটোক লৈ একো ক'ব পৰা হোৱা নাই (Himanta Biswa Sarma comments on price rise)।

দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

দাম কমা-বঢ়া সন্দৰ্ভত এতিয়াও নিশ্চিত পৰিৱেশ হোৱা নাই । নিশ্চিত পৰিৱেশ হ'লেই কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব । ভাৰত চৰকাৰৰ সৈতে মিলিহে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰে অকলশৰীয়াকৈ লোৱা সিদ্ধান্তই জনসাধাৰণক সকাহ নিদিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । ইফালে গুৱাহাটী পৌৰ নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে আজি তেওঁ বিজেপিৰ প্ৰাৰ্থীসকলৰ লগত মত-বিনিময় কৰিছে (Guwahati municipal Election)। ইতিমধ্যে বিজেপিৰ তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । সাতটা ৱাৰ্ড মিত্ৰদল অগপক এৰি দিয়া হৈছে ।

৫০ টা ৱাৰ্ডৰ দলীয় প্ৰাৰ্থীৰ লগত মত-বিনিময় কৰা সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটী মহানগৰীৰ সমস্যাসমূহ এখন বহীত লিপিবদ্ধ কৰাৰ বাবে তেওঁ প্ৰাৰ্থীসকলক কৈছে । নিৰ্বাচনৰ পাছত বিধায়ক আৰু মুখ্যমন্ত্ৰীগৰাকীক সেই সমস্যাসমূহৰ তালিকা দিলে সেই সমস্যাসমূহৰ সমাধান পৰ্যায়ক্ৰমে কৰিব বুলি তেওঁ কয় । গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সন্দৰ্ভত তেওঁ কয় যে খোৱাপানীৰ কাম বিগত ৯ মাহত দ্ৰুতগতিত আগবাঢ়িছে আৰু গৃহ সংযোগ দিব পৰা অৱস্থাত উপনীত হৈছে ।

লগতে পঢ়ক: ৪০ দেশৰ প্ৰতিনিধিক আদৰিবলৈ ৰমক জমক অসম বিধানসভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.