ETV Bharat / state

Assam Divyang Jyoti Mahotsav:অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণি - অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩

অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ সামৰণি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক দিব্যাংগৰ অংশগ্ৰহণ । উক্ত অনুষ্ঠানতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ চিমু দাসক অসম দিব্যাংগ ৰত্ন বঁটা প্ৰদান কৰা হয় ।

Assam Divyang Jyoti Mahotsav 2023
অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:58 PM IST

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ:গুৱাহাটীত যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ ৰ মঙলবাৰে সামৰণি পৰে । এই উপলক্ষে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । সামৰণি অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কোনো প্ৰত্যাহ্বানে দিব্যাংগসকলৰ উৎসাহ আৰু উদ্যমক কেতিয়াও দমন কৰিব নোৱাৰে বুলি মন্তব্য় কৰে । বিভিন্ন ঠাইৰ দুই শতাধিক দিব্যাংগ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত কন কন দিব্যাংগ শিশুৱে গীত-মাত পৰিৱেশন কৰে ।

বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ আৰু কুদৰতৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱাই প্ৰস্তুত কৰা অসম দিব্যাংগ জ্যোতি মহোৎসৱৰ শীৰ্ষ গীতটি শিল্পীগৰাকীয়ে দিব্যাংগ শিশুৰ সৈতে একেলগে পৰিৱেশন কৰে । এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়েও অংশগ্ৰহণ কৰে । তেওঁ বঁটা বিতৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে । এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে এলেন প্ৰ' কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় জৈনে ।

উক্ত অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু অলংকৃতা-ৰূপাংকৃতাই গীত পৰিৱেশন কৰে । অনুষ্ঠানটোত অসম দিব্যাংগ নাট্য বিদ্যালয়ৰ শিশুসকলে আৰু যোৰহাটৰ আন এটা দৃষ্টিহীন শিশুৰ দলে নাট প্ৰদৰ্শন কৰাৰ লগতে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সবিতা শইকীয়া আৰু বিশ্বজিৎ বৰুৱাৰ নেতৃত্বত নগাঁৱৰ এটা দলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে । অনুষ্ঠানটোত আশানীৰ, ঈশা স্কুল, জ্যোতি নিকেতন, সহায়িকা, সৰস্বতী বাগধ্বনি, পাছ, প্ৰজন্ম, শংকৰ মিছন দৃষ্টিহীন বিদ্যালয়, বঢ়মপুৰ, কটন বিশ্ববিদ্যালয় আদি কেইবাটাও শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংস্থাৰ লগতে ব্যক্তিগতভাৱেও দিব্যাংগ শিশুৱে মহোৎসৱত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানতে মহোৎসৱৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ ঘোষণা কৰা হয় ।

ইয়াৰ পূৰ্বে ২৪ ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ ভৰলুৰ ঈদগাহ ফিল্ডত দিব্যাংগসকলৰ মাজত বিভিন্ন খেল অনুষ্ঠিত হয় । উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ লগতে যোৰহাট, নগাঁও, মৰিগাঁও, বৰপেটা, নলবাৰী, ধেমাজি আৰু বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহি মহোৎসৱৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩ৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ নগাঁৱৰ চিমু দাসক অসম দিব্যাংগ ৰত্ন বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: Birth anniversary of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.