ETV Bharat / state

চৰকাৰী চাকৰিৰ বাবে বিশেষ পৰীক্ষাত বহিব নালাগে শিক্ষাৰ্থী - alternative evaluation formula

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই বিষয়ত অসম সচিবালয়ত অনুষ্ঠিত এক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

alternative evaluation formula
চৰকাৰী চাকৰিৰ বাবে বিশেষ পৰীক্ষাত বহিব নালাগে শিক্ষাৰ্থী
author img

By

Published : Jul 8, 2021, 10:53 PM IST

গুৱাহাটী, ৮ জুলাই : অৱশেষত উৎকণ্ঠাৰ অৱসান । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ ফলত ছেপ্টেম্বৰত কোনো পৰীক্ষা অনুষ্ঠিত নহয় ।

অসমৰ ৭ লাখ ছাত্ৰ-ছাত্ৰীৰ আশংকাৰ অৱসান ঘটাই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় । আলোচনাত উপস্থিত আছিল শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে শীৰ্ষস্থানীয় বিষয়া ।

চৰকাৰী চাকৰিৰ বাবে বিশেষ পৰীক্ষাত বহিব নালাগে শিক্ষাৰ্থী

আলোচনাৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত পূৰ্বৰ অধিসূচনাৰ ৫ নং দফা প্ৰত্যাহাৰ কৰা লগতে একেখন মাৰ্কশ্বীট সকলো চৰকাৰী চাকৰিত প্ৰযোজ্য হ'ব । শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব । ভৱিষ্যতে এটা পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লগতে মন্তব্য কৰে ।

অসম সচিবালয়ত প্ৰায় দুঘণ্টা সময় জুৰি অনুষ্ঠিত বৈঠকৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ক'ভিডৰ বাবে শিক্ষাৰ্থীসকল দোষী নহয় । অসম চৰকাৰৰ জাননীৰ ৫ নম্বৰ দফা প্ৰত্যাহাৰ কৰি চৰকাৰে ছাত্ৰ সংগঠনৰ দাবী মানী লৈছে । আছুৰ দাবী আছিল স্থান নাথাকে কিন্তু ষ্টাৰ-ডিচটিংচনৰ ব্যৱস্থা থাকিব । এই দাবী চৰকাৰে মানি লৈছে বুলি কয় আছুৰ উপদেষ্টা গৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই কিছুদিন পূৰ্বে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰিছিল ৷ ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছিল এইবছৰৰ হাইস্কুল শিক্ষান্ত (HSLC EXAM) আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM) ৷

পৰীক্ষা বাতিল কৰাৰ লগে লগে পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতিৰ বাবে দুখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল । চৰকাৰী চাকৰি (GOVT JOB) লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব ৷ ভৱিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষৰ মূল্যায়নত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অনুষ্ঠিত হ'বলগীয়া বিশেষ পৰীক্ষাত বহিব লাগিব বুলি কোৱা হৈছিল ৷

লগতে পঢ়ক: 18 টা হাতীৰ মৃত্যুৰ তদন্ত কৰিব খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.