ETV Bharat / state

Fake certificates for police recruitment: ৪১৪ গৰাকী প্ৰাৰ্থীক চিআইডিৰ তলব

author img

By

Published : May 17, 2022, 9:34 PM IST

মঙলবাৰে উলুবাৰীস্থিত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হয় অসম আৰক্ষীৰ সদ্য নিযুক্তিৰ প্ৰক্ৰিয়াত ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত অভিযুক্ত ৪১৪ গৰাকী প্ৰাৰ্থী ৷ ন্যায়ালয়ে অহা বৃহস্পতিবাৰে অসম আৰক্ষীক ভুৱা প্ৰমাণপত্ৰৰ উপযুক্ত প্ৰমাণ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

Fake certificates for police recruitment
৪১৪ গৰাকী প্ৰাৰ্থীক চিআইডিৰ তলব

গুৱাহাটী, ১৭ মে’: অসম আৰক্ষীৰ সদ্য নিযুক্তিৰ প্ৰক্ৰিয়াত ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত ৪১৪ গৰাকী প্ৰাৰ্থীক চিআইডিৰ তলব (Fake certificates for police recruitment)। চিআইডিত অসম আৰক্ষীৰ অভিযোগৰ ভিত্তিত ৰুজু হোৱা ৫/২২ নম্বৰ গোচৰৰ ভিত্তিত হাজিৰ হয় প্ৰাৰ্থীসকল । উল্লেখ্য যে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাকক্ষণত ৪১৪ জন প্ৰাৰ্থীয়ে জমা দিয়া কম্পিউটাৰৰ প্ৰমাণপত্ৰ ভুৱা বুলি ধৰা পেলাইছিল এছ.এল.পি.আৰ.বিয়ে (State Level Police Recruitment Board)।

মঙলবাৰে উলুবাৰীস্থিত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হয় অভিযুক্ত প্ৰাৰ্থীসকল (CID calls fake certificate accused candidates) ৷ ইফালে কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে অসম আৰক্ষীয়ে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থীসকলৰ বিৰুদ্ধে চিআইডিত গোচৰ ৰুজু কৰা কথা অৱগত কৰিছিল । তাৎপৰ্যপূৰ্ণ কথা, অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষাত প্ৰাৰ্থীসকল উৰ্ত্তীণ হৈছিল যদিও ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত চাকৰি লাভৰ পৰা বঞ্চিত হৈছিল । আনহাতে ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত কনিষ্টবল চাকৰি লাভৰ পৰা বঞ্চিত হোৱাৰ পাছতে যোৱা শুকুৰবাৰে উক্ত ৪১৪ গৰাকী প্ৰাৰ্থী দাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

৪১৪ গৰাকী প্ৰাৰ্থীক চিআইডিৰ তলব

WP(C) ৩১৭৫/২২ নম্বৰত ন্যায়ালয়ে অহা বৃহস্পতিবাৰে অসম আৰক্ষীক ভুৱা প্ৰমাণপত্ৰৰ উপযুক্ত প্ৰমাণ দিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে । ইফালে চিআইডিত হাজিৰ হোৱা অভিযুক্ত প্ৰাৰ্থীসকলে কনিষ্টবল নিযুক্তিৰ প্ৰক্ৰিয়াত কোনো ভুৱা নথিপত্ৰ জমা নাই দিয়া বুলি মন্তব্য কৰি কয়- ভুৱা প্ৰমানপত্ৰ দিছিলোঁ বুলি প্ৰমাণ সহকাৰে জনাব লাগিব । ঘটনাটো সঠিকভাৱে তদন্ত কৰিব লাগে । উল্লেখ্য যোৱা ১৪ মে'ত অসম চৰকাৰে প্ৰদান কৰিছিল অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি পত্ৰ (Assam police constable appointment letter) । ৯১৭১ টা পদৰ বাবে অনুষ্ঠিত হৈছিল আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.