ETV Bharat / state

Christmas 2021 celebration : ৰাজ্যজুৰি উলহ-মালহেৰে পালন বৰদিন - Majuli people celebrate Christmas

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খৃষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে পবিত্ৰ বৰদিন (Christmas 2021 celebration) ৷ বৰদিন উপলক্ষে ৰাজ্যৰ গীৰ্জাঘৰসমূহত পুৱাৰে পৰাই জনস্ৰোত বোৱা পৰিলক্ষিত হয় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হ'ল পবিত্ৰ বৰদিন

author img

By

Published : Dec 26, 2021, 10:12 AM IST

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : বিশ্বৰ বিভিন্ন প্ৰান্তত অতি উলহ-মালহেৰে পালন কৰা হ'ল পবিত্ৰ বৰদিন (Christmas celebration Different parts of the state) ৷ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খৃষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে পবিত্ৰ বৰদিন ৷ বৰদিন উপলক্ষে ৰাজ্যৰ গীৰ্জাঘৰসমূহত পুৱাৰে পৰাই দেখিবলৈ পোৱা গ'ল দৰ্শনাৰ্থীৰ ভীৰ ৷ বৰদিনৰ পুৱা গীৰ্জাঘৰত উপাসনা কৰি মংগল কামনা কৰে প্ৰতিজনে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হ'ল পবিত্ৰ বৰদিন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হ'ল পবিত্ৰ বৰদিন

বৰদিন উপলক্ষে লখিমপুৰ জিলাতো দেখিবলৈ পোৱা গ'ল এক উখল-মাখল পৰিৱেশ । ৰংচঙীয়াকৈ সজাই তোলা গীৰ্জাঘৰত দিনজোৰা কাৰ্যসূচীৰে পবিত্ৰ বৰদিন উদযাপন (Christmas 2021 celebration) কৰা হয় । যীশুৰ বন্দনাৰে মুখৰিত হৈ পৰে গীৰ্জাঘৰসমূহ ৷ শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বাণী বিয়পাই লখিমপুৰবাসীয়ে উদযাপন কৰিলে পবিত্ৰ বৰদিন ।

ইপিনে, অসম-মেঘালয়ৰ সীমান্তৱৰ্তী উকিয়ামকে ধৰি কিনানগাঁও, ৰাজাপাৰা, নদীয়াপাৰা আদি বিভিন্ন গাৰো অধ্যুষিত গাঁৱসমূহত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ল পবিত্ৰ বৰদিন ৷ বৰদিন উপলক্ষে কামৰূপ(গ্ৰাম্য) জিলাৰ ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৰাইজৰ কাষত উপস্থিত হৈ ভগৱান যীশুৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ সমষ্টিটোৰ প্ৰায় 25 খন গাঁৱৰ ৰাইজৰ কাষত বৰদিনৰ দিনটোত জনপ্ৰতিনিধি গৰাকীক উপস্থিত থকা দেখা যায় ৷

কেৰলৰ ধ্বনিৰে মুখৰিত সত্ৰনগৰী মাজুলীৰ মুঠ ৬৬ টা গীৰ্জাত উদযাপন কৰা হয় পবিত্ৰ বৰদিন ৷ জেংৰাইমুখৰ বিভিন্ন স্থানৰ গীৰ্জাত বৰদিনৰ দিনা যীশুক স্মৰণ কৰি বাইবেল পাঠেৰে শান্তি বাণী বিলাই ধৰ্মযাজকসকলে । অন্যান্য ভিন্ন কাৰ্যসূচীৰ লগতে সৰ্বধমীয় প্ৰাৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সজাই তোলা হয় মাজুলীৰ গীৰ্জাঘৰৰ পৰিৱেশ ।

ৰাজ্যজুৰি উলহ-মালহেৰে পালন বৰদিন

লগতে পঢ়ক : গুৱাহাটী বিভিন্ন গীৰ্জাঘৰত বৰদিন পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.