ETV Bharat / state

ৰাজ্যৰ প্ৰতিখন পঞ্চায়তক দুহেজাৰকৈ মাস্ক বিতৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সণোৱালৰ - পঞ্চায়ত প্ৰতিনিধি

বৃহস্পতিবাৰে ৰাজ্যৰ সকলো পঞ্চায়ত প্ৰতিনিধিৰ সৈতে অডিঅ' কনফাৰেঞ্চযোগে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বাৰ্তালাপত সকলো পঞ্চায়ত প্ৰতিনিধিক তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সকলো নীতি নিয়ম মানি চলাৰ উপৰিও মাস্ক বিতৰণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সৰ্বানন্দ সোণোৱাল
ৰাজ্যৰ প্ৰতিখন পঞ্চায়তক দুহেজাৰকৈ মাস্ক বিতৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সণোৱালৰ
author img

By

Published : May 7, 2020, 5:06 PM IST

গুৱাহাটী, ৭ মে': তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাজ্যৰ সকলো পঞ্চায়ত প্ৰতিনিধিক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসগৃহৰ পৰাই ৰাজ্যৰ সকলো নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে এক অডিঅ' কনফাৰেঞ্চত ভাগ লয় ।

সৰ্বানন্দ সোণোৱাল
ৰাজ্যৰ প্ৰতিখন পঞ্চায়তক দুহেজাৰকৈ মাস্ক বিতৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সণোৱালৰ

প্ৰতিখন পঞ্চায়তকে আত্মসহায়ক গোটসমূহৰ পৰা কমেও দুহেজাৰকৈ মাস্ক ক্ৰয় কৰি সেয়া বিতৰণ কৰিবলৈও মুখ্যনন্ত্ৰীয়ে অডিঅ' কনফাৰেঞ্চ যোগে নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও সামাজিক দূৰত্ব ৰক্ষা কৰি এনৰেগাকে ধৰি সকলো চৰকাৰী আঁচনিৰ কাম সুকলমে চলাই যাবলৈও মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত প্ৰতিনিধি সকলক নিৰ্দেশ দিয়ে ।

আনহাতে, অডিঅ' কনফাৰেঞ্চত মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব হেমেন দাসো উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.