ETV Bharat / state

Guwahati Development: গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা হ’ব আন 7খন উৰণ সেতু; ঘোষণা মুখ্যমন্ত্ৰীৰ - হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীত নিৰ্মাণ হ’ব কেইবাখনো উৰণ সেতু ৷ শীঘ্ৰেই মুকলি হ’ব ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ হৈ থকা কুৰিৰো অধিক উৰণ সেতু ৷ গুৱাহাটীত আন কেইবাটাও উন্নয়ন প্ৰকল্পৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Guwahati Development
Guwahati Development
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:39 PM IST

গুৱাহাটীত নিৰ্মাণ হ’ব কেইবাখনো উৰণ সেতু

গুৱাহাটী, ৩০ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মালিগাঁৱৰ নীলাচল উৰণ সেতুখন বুধবাৰে মুকলি কৰি গুৱাহাটীৰ উন্নয়নৰ বহুকেইটা আঁচনিৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে জনায় যে ধাৰাপুৰত এখন উৰণ সেতু হ'ব । দীপৰ বিলৰ কাষত এটা বৃহৎ ৰ'টাৰী নিৰ্মাণ হ'ব । ভৰলুমুখত ৰে’ল ক্ৰছিংৰ ওপৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব ।

জি এছ ৰোডত দুখন উৰণ সেতু নিৰ্মাণ হ'ব । এখন ৰাজীৱ‌ভৱনৰ কাষত আৰু আনখন ডাউন টাউন হাস্পতালৰ কাষত । ফটাশিল আমবাৰীৰ কে চি দাস নাৰ্চিং হোমৰ পৰা গড়ভাঙ্গা ৰোডলৈ এখন উৰণ সেতু নিৰ্মাণ হ'ব । ৰিজাৰ্ভ বেংকৰ পৰা বামুনীমৈদামলৈ ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণ কৰা হ'ব । জানুৱাৰীৰ পৰা উৰণ সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব।

ইপিনে জু ৰোডৰ শ্ৰদ্ধাঞ্জলি সেতু দুৰ্গা পূজাত মুকলি কৰা হ'ব । দুৰ্গা পূজাৰ সময়ত ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান আৰু ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা উদ্যানখন মুকলি কৰা‌ হ'ব । কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণ হ’ব। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ ৰ’পৱে নিৰ্মাণ কৰা‌ হ'ব ।

অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হৈ থকা ২১ খন উৰণ সেতু মুকলি‌ হ’ব সোনকালে । জানুৱাৰীত উত্তৰ গুৱাহাটীৰ দলংখন মুকলি কৰা হ'ব । তেওঁ লগতে জনায় যে শীঘ্ৰে গুৱাহাটীত ২০ হাজাৰ লোকক নতুনকৈ পানী যোগান ধৰা হ'ব । পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰাৰ নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মেট্ট ৰে’লৰ‌ বাবে উপযোগী নহয় ৷

লগতে পঢ়ক: LPC Price reduce: ২০১৪ৰ কংগ্ৰেছ আমোলত ৰন্ধন গেছৰ দাম কিমান আছিল ? মুখ্যমন্ত্ৰীৰ টুইটক লৈ বিভ্ৰান্তি; কংগ্ৰেছৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.