নিউজ ডেস্ক,21 নৱেম্বৰ : দেশৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ শনিবাৰে অসমতো উদযাপন কৰা হৈছে পবিত্ৰ ষট পূজা ৷ পুৱাৰ ভাগতে নদীৰ পাৰত ভক্তসকলে পূজা-অৰ্চনা কৰে সূৰ্য দেৱতাক ৷ অৱশ্যে এইবেলি কৰ’ণা মহামাৰীৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে এই ষট পূজা ৷
হিন্দু কেলেণ্ডাৰত উল্লেখিত অনুসৰি, কাৰ্তিক মাহৰ ষষ্ঠ দিনা আৰু দিপাৱালীৰ পাচৰ চতুৰ্থ দিনা হিন্দু বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে ষট পূজা উদযাপন কৰে ৷
পুৱাৰ ভাগতে হাতে হাতে নৈবদ্য লৈ উপাসনা ষট পূজা থলীত উপস্থিত হয় ভক্তপ্ৰাণ ৰাইজ ৷ গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰৰ ঘাটত ষট পূজা উপলক্ষে সমবেত হৈছে অসংখ্য লোক । মহানগৰীৰ উপৰিও ৰাজ্যৰ মৰিগাঁও, ধেমাজি, ৰঙাপৰা, কোকৰাঝাৰ, নাৰায়ণপুৰ, কৰিমগঞ্জ আদিতো বিহাৰী সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ষট পূজা ৷
পুৱতি নিশাৰ পৰা বিহাৰী সম্প্ৰদায় লোকেৰে লোকে লোকাৰণ্য হয় মৰিগাঁৱৰ মালপোতাৰ ষটপূজাৰ থলী । মাজনিশাৰ পৰা সমবেত হৈ সূৰ্যোদয় সময়ত সকলোৱে পানীৰ মাজলৈ গৈ স্মৰণ কৰিলে সূৰ্যদেৱতাক ৷ বিহাৰীসকলৰ প্ৰচলিত জন বিশ্বাস মতে, এই পূজা সকলো পৰম্পৰাতকৈ অধিক পবিত্ৰ আৰু মহান । সম্পূৰ্ণৰূপে ব্ৰত পালন কৰি ফল ফলাহাৰে নৈবেদ্য আগবঢ়াই বৰ্ষটোৰ বাবে পৰিয়াল,সমাজৰ মংগল কামনা কৰাৰ লগতে ধন-ঐশ্বৰ্য, সুখ-শান্তি বাঞ্ছা কৰে ।
ধেমাজিৰ তেলিজান নৈ আৰু বিষ্ণুপুৰ বামুনী নাথ গাঁৱৰ জীয়াঢল এৰাসূঁতিৰ পাৰত আৰাধ্য দেৱতাক উপাসনা কৰাৰ বাবে সমবেত হয় অসংখ্য় ভক্ত ৷ পূৰ্বৰ সকলো নীতি-নিয়ম অনুসৰি শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ষট পূজা উদযাপন কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে ৷ ৰঙাপৰাৰ ডিপোটা নৈ, ঐতিহাসিক ৰেলৱে’ পুখুৰী, কালনী নদৈ, গাভৰু নৈৰ ঘাটত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰে ষট পূজা । কোকৰাঝাৰৰ গৌৰাং নদীৰ ঘাটতো শ্বট পূজা উপলক্ষে লানি নিছিগা ভক্তৰ ভিৰ ৷
সূৰ্য দেৱতাক প্ৰণাম কৰিবলৈ ভিৰ কৰে সৰহ সংখ্যক ভক্তই ৷ আনহাতে জিলাখনৰ চালাকাটি, ফকিৰাগ্ৰাম, গছাইগাঁও, ভাৰাগুৰি আদি অঞ্চলসমূহতো শুকুৰবাৰৰ আবেলিৰ পৰা ব্যাপক আয়োজনৰে উদযাপন কৰা হয় ষট পূজা ৷ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে নাৰায়ণপুৰৰ ঐতিহাসিক ৰাধাপুখুৰীত কাহিলী পুৱাৰে পৰা পালন কৰে ষট পূজা ৷ চাৰিদিন ধৰি নিৰ্জলা ব্ৰত পালন কৰি পুৱাৰ ভাগতে একঁকাল পানীত নামি উদিত সূৰ্যক আৰাধনা কৰি ফলপ্ৰাপ্তিৰ আশা কৰে ভক্তসকলে ৷ ৰাধাপুখুৰীৰ পাৰত সকলোৱে ভোগ নৈবেদ্যৰে অৰ্ঘ প্ৰদান কৰে ৷
ষট পূজা উপলক্ষে কৰিমগঞ্জৰ লংগাই আৰু শিঙলা নৈৰ ঘাটত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । উদিত সূৰ্য দেৱতাক অৰ্ঘ প্ৰদান কৰি পূজাৰ সামৰণি পেলায় ভক্তসকলে । কিন্তু কৰ’ণা সংক্ৰমণৰ বাবে এইবাৰ ক’ভিড প্ৰট’কল মানি উদযাপন কৰিবলগীয়া হৈছে হিন্দুসকলৰ অন্যতম ষট পূজা ৷
লগতে পঢ়ক : ৰতন কছাৰীৰ বিৰুদ্ধে ক্ষুব্ধ কিয় সংগঠনৰ সদস্য ?