ETV Bharat / state

Dispur to Delhi: ঠিকনা সলনি হ’ব পাৰে পাটোৱাৰীৰ - নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা

শীঘ্ৰে সলনি হ’ব পাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঠিকনা (Chandra Mohan Patowary's address may be changed) ৷ ৰাজ্যসভাত খালি হ’বলগীয়া দুখন আসনৰ ভিতৰত হয়তো এখন আসনৰ দলীয় প্ৰাৰ্থী হ’ব পাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকী । ৰাজ্যিক বিজেপিৰ এক ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

Dispur to Delhi
ঠিকনা সলনি হ’ব পাৰে পাটোৱাৰীৰ
author img

By

Published : Feb 10, 2022, 4:12 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঠিকনা হয়তো সলনি হ’ব পাৰে (Chandra Mohan Patowary's address may be changed) । কিয়নো ৰাজনীতিত কোনো স্থায়ী নহয় । ৰাজ্যিক বিজেপিৰ এক ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যসভাত খালি হ’বলগীয়া দুখন আসনৰ ভিতৰত হয়তো এখন আসনৰ দলীয় প্ৰাৰ্থী হ’ব পাৰে চন্দ্ৰমোহন পাটোৱাৰী ।

যদিওবা ইতিমধ্যে বিজেপিৰ কেইবাজনো নেতাই ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বিচাৰি দলীয় শীৰ্ষ নেতৃত্বক খাটনি ধৰিছে ৷ কিন্তু শেষ মূহুৰ্তত হয়তো দৃশ্যপট সলনিও হ’ব পাৰে । নকলেও চলে যে, মন্ত্ৰী পাটোৱাৰী ৰাজনৈতিকভাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাতকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধিক ওচৰৰ আৰু বিস্বাসভাজন ।

সকলোৱে এই কথাও মন কৰিছে যে, সোণোৱালৰ মন্ত্ৰীসভাত পাটোৱাৰীৰ যি গুৰুত্ব আছিল সেই গুৰুত্ব এই মন্ত্ৰীসভাত নাই ।

এককথাত পাটোৱাৰীক যেন এৰাই চলিব পাৰিলেই একপ্ৰকাৰ ৰক্ষা পৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা । কিন্তু ৰাজনীতিত অভিজ্ঞ মন্ত্ৰী পাটোৱাৰীও তলে পুতল । দিল্লীত বিজেপিৰ একাংশ শীৰ্ষ নেতাৰ সৈতে তেওঁৰ আছে অতি ওচৰ সম্পৰ্ক ।

সেয়েহে মুখ্যমন্ত্ৰীয়ে পাটোৱাৰীক দিল্লীৰ ৰাজনীতিলৈ পঠিয়াব খুজিলেও পাটোৱাৰীয়ে কিন্তু সেই প্ৰস্তাৱ স্বীকাৰ কৰিব নে নকৰে সেয়া সময়েহে ক’ব । প্ৰাপ্ত খবৰ অনুসৰি, পাটোৱাৰীক ৰাজ্যসভালৈ পঠিয়াই মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীয়ে অন্তৰ্ভুক্ত কৰিব পাৰে তেওঁৰ ৰাজনৈতিক সচিব তথা অতিকে বিস্বস্ত নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাক ।

ড৹ শৰ্মাই প্ৰথম মন্ত্ৰীসভা গঠন কৰোতেই জয়ন্তমল্ল বৰুৱাক অন্তৰ্ভুক্ত কৰিব বুলি ৰাজনৈতিক মহল একপ্ৰকাৰ নিশ্চিত আছিল যদিও মূৰকত পাটোৱাৰীৰ অন্তৰ্ভুক্তিয়ে অংকত আউল লগালে । কিয়নো একেখন জিলাৰ পৰাই দুজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো সম্ভৱ নহয় ।

গতিকে এতিয়া সুযোগৰ সদব্যৱহাৰ কৰি হয়তো পূৰ্বৰ সকলো সমীকৰণ শুদ্ধ কৰাৰ চেষ্টা চলাব খুজিছে মুখ্যমন্ত্ৰীয়ে । ইপিনে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভৰ বাবে ইতিমধ্যে কেইবাজনো বিজেপি নেতাই দলীয় শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে । তেওঁলোকৰ ভিতৰত আছে শান্তনু ভৰালী, বিজয় গুপ্তা, ঋতুবৰণ শৰ্মা, সুভাষ দত্ত, পুলক গোঁহাই আদি ।

লগতে পঢ়ক : মোৰ গান আৰু কবিতা কাৰোবাৰ বাবে চোৰাতপাত আৰু চাবুকৰ দৰে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.