ETV Bharat / state

বনাঞ্চলক বেদখলমুক্ত কৰি বনানীকৰণ : অসম চৰকাৰৰ পৰিকল্পনাৰ প্ৰতি সঁহাৰি নাই কেন্দ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:47 PM IST

Forest Land Encroachment Assam: ৰাজ্যৰ বেদখল হৈ থকা চাৰে চাৰি লক্ষাধিক হেক্টৰ বনভূমিত নতুন বনানীকৰণৰ প্ৰস্তাৱ কেন্দ্ৰলৈ অসম চৰকাৰৰ । প্ৰকৃতি ৰক্ষাৰ অভিলাষী প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে বিচৰা ৬৩২৬ কোটি টকাৰ ক্ষেত্ৰত নীৰৱ দিল্লী । বৃহৎ পৰিমাণৰ বনভূমি বেদখলমুক্ত কৰিবলৈ প্ৰয়োজন হ'ব ৬৪৭.৭০ কোটি টকা । বন আৰু পৰিৱেশ বিভাগে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি বেদখলকৃত বনভূমি মুক্ত কৰাৰ পিছত বনানীকৰণ আৰু ইয়াৰ বাবে কমেও ৫ বছৰে কৰিবলগীয়া ব্যৱস্থাপনাৰ নামত ব্যয় হ'ব ৫,৬৭৮,৩৫ কোটি টকা ।

Afforestation Assam
বনাঞ্চলক বেদখলমুক্ত কৰি বনানীকৰণ

গুৱাহাটী, ২২ ডিচেম্বৰঃ বনাঞ্চলক বেদখলমুক্ত কৰি সেউজকৰণৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । কিন্তু এই উদ্যোগক সাৰ্থক ৰূপ দিয়াৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি কেন্দ্ৰই সঁহাৰি জনোৱা নাই । ৰাজ্যৰ বনাঞ্চলত দীর্ঘদিন ধৰি হৈ থকা বেদখল মুক্ত কৰাৰ বাবে অসম চৰকাৰে বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰিছে ।

আনহাতে এই বৃহৎ পৰিকল্পনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক প্ৰয়োজন বৃহৎ পুঁজিৰ । বনাঞ্চলৰ বেদখল হৈ থকা অঞ্চলক পুনৰ বনাঞ্চলৰ ৰূপ দিবলৈ প্ৰয়োজন হোৱা পুঁজি বিচাৰি ৰাজ্য চৰকাৰে ইতিমধ্যে দিল্লীত প্ৰস্তাৱ দাখিল কৰিছে । কিন্তু অসম চৰকাৰৰ উক্ত প্ৰস্তাৱৰ প্ৰতি এই পর্যন্ত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই ।

লক্ষ্যণীয় বিষয় যে ৰাজ্যখনৰ বনাঞ্চলৰ বেদখল হৈ থকা ৪,৫৫,৯৭৪ হেক্টৰ ভূমিৰ বিপৰীতে কিছু অংশহে বেদখলমুক্ত কৰা হৈছে । বেদখল হৈ থকা উক্ত বৃহৎ বনভূমি সম্পূর্ণ মুক্ত কৰি পুনৰ গছপুলি ৰোপণেৰে বনাঞ্চলৰ ৰূপ দিবলৈ ৰাজ্য চৰকাৰৰ বাবে নিজা পুঁজিৰে কৰাটো সম্ভৱ নহয় । যাৰ বাবে বিগত বছৰৰ ২৭ এপ্ৰিলত ৰাজ্য চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছিল ।

সেই পৰিকল্পনা মতে ইয়াৰ বাবদ ব্যয় কৰিব লাগিব ৬,৩২৬.০৫ কোটি টকা । কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই পুঁজিৰ প্ৰয়োজনীয়তাৰ কথা অৱগত কৰি এক প্ৰস্তাৱ দাখিল কৰা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনোধৰণৰ উত্তৰ প্ৰদান কৰা নাই । ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মতে ৰাজ্যখনৰ এই বৃহৎ অংশ বেদখলমুক্ত কৰিবলৈ যি পুঁজি ব্যয় কৰিব লাগিব, তাতকৈ সেই অঞ্চলৰ বনানীকৰণ আৰু ৫ বছৰীয়া ব্যৱস্থাপনাৰ বাবে ব্যয় কৰিব লাগিব তাতকৈ প্ৰায় দহগুণ বেছি পুঁজি ।

উল্লেখ্য যে বিগত বৰ্ষত ৰাজ্যখনৰ বনভূমিৰ বেদখল আৰু বেদখলমুক্তকৰণ সন্দৰ্ভত সংসদীয় কমিটীৰ এটা দল অসম আৰু মেঘালয়লৈ আহিছিল । এই দুয়োখন ৰাজ্যৰ বনভূমি পৰিদৰ্শন কৰি শেহতীয়াকৈ লোকসভাৰ অধ্যক্ষৰ ওচৰতো এই সন্দৰ্ভত এখন প্ৰতিবেদন দাখিল কৰি ৰাজ্য দুখনৰ বেদখলী বনভূমি অচিৰেই মুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল ।

মন কৰিবলগীয়া যে ৰাজ্যখনৰ ২৮,৩১১.৫১ বর্গ কিলোমিটাৰজোৰা বনভূমিৰ ভিতৰত ১৬.১১ শতাংশ বেদখল হৈ আছে । এই বৃহৎ বেদখল হৈ থকা বনভূমিত বসতি স্থাপন কৰি আছে প্ৰায় ১.৯২ লাখ পৰিয়ালে । তথ্য মতে এতিয়ালৈকে ৰাজ্য চৰকাৰখনে ১৪,৩৭৩.৯১ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে ।

তাৎপর্যপূর্ণ কথা যে বেদখল হৈ থকা বনভূমিৰ ভিতৰত আছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৩,৭৪০ হেক্টৰ, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৬৮২ হেক্টৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫০০ হেক্টৰ, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮,৫০০ হেক্টৰ, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ ১,৫০০ হেক্টৰকে ধৰি ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ মুঠ ১৬,৯৪৪.৯৪ হেক্টৰ বনভূমি ।

ইয়াৰ লগে লগে ৰাজ্যজুৰি থকা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অঞ্চল দীর্ঘদিন ধৰি বেদখল হৈ আছে । বন বিভাগৰ তথ্য অনুসৰি বিগত সময়ছোৱাত বেদখলমুক্ত কৰা ১৪,৩৭৩.৯১ হেক্টৰ বনভূমিৰ ভিতৰত ২০১৫-১৬ বৰ্ষত ৪৩১.৫০ হেক্টৰ, ২০১৬-১৭ বৰ্ষত ৩,৫৬.৫৪ হেক্টৰ, ২০১৭-১৮ বৰ্ষত ৪৬৫.৯১ হেক্টৰ, ২০১৮-১৯ বৰ্ষত ৩,৭৪৮.৩৬ হেক্টৰ, ২০১৯-২০ বৰ্ষত ৪৯০.১৮ হেক্টৰ, ২০২০-২১ বৰ্ষত ১৯৫.৭৯ হেক্টৰ, ২০২১-২২ বৰ্ষত ২,৪০৬.৫০ হেক্টৰ আৰু ২০২২-২৩ বৰ্ষত ৩,৩৮০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে ।

কিন্তু ইয়াৰ পিছতো ৰাজ্যখনৰ আৰু ৪,৫৫,৯৭৪ হেক্টৰ বনভূমি এতিয়াও বেদখলমুক্ত কৰিবলৈ বাকী আছে । এই বৃহৎ পৰিমাণৰ বনভূমি বেদখলমুক্ত কৰিবলৈ প্ৰয়োজন হ'ব ৬৪৭.৭০ কোটি টকা । বন আৰু পৰিৱেশ বিভাগে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি বেদখলী বনভূমি মুক্ত কৰাৰ পিছত বনানীকৰণ আৰু ইয়াৰ বাবে কমেও ৫ বছৰে কৰিবলগীয়া ব্যৱস্থাপনাৰ নামত ব্যয় হ'ব ৫,৬৭৮,৩৫ কোটি টকা ।

লক্ষ্যণীয় বিষয় যে ৰাজ্যিক ভিত্তিত বনভূমিৰ এলেকাৰ সীমা নিৰ্ধাৰণৰ বাবে যি ডিজিটেলাইজ পদ্ধতি দেশজুৰি প্ৰৱৰ্তন কৰা হৈছে, সেয়া উত্তৰ-পূবৰ ক্ষেত্ৰত মাথোঁ সামান্য অংশতহে ব্যৱহাৰ হৈছে । কেৱল সেয়াই নহয়, বনভূমি বেদখলৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া নিৰীক্ষণ চকী, বায়াৰলেছ নেটৱৰ্ক, ছিষ্টেম, মিট ছেপিং, জি আই এছ, আই টি, জি পি এছ ডি জি পি এছ ফিল্ডষ্টাফ আদিৰ যিধৰণৰ প্ৰয়োজন সেয়াও পর্যাপ্ত নহয় ।

মন কৰিবলগীয়া যে ৰাজ্যখনত বনভূমিৰ বেদখলৰ নামত কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰূপায়ণ হৈ আছে । এইবোৰৰ ভিতৰত বন্যপ্ৰাণী অঞ্চলৰ সংহত উন্নয়ন (IDWH), হস্তী প্ৰকল্প, ৰাষ্ট্ৰীয় বনানীকৰণ কাৰ্যসূচী (NAP), সেউজ ভাৰত ৰাষ্ট্ৰীয় অভিযান(INMGI), বনভূমিত জুই নিৰ্বাপণ আৰু ব্যৱস্থাপনা আঁচনি, ব্যাঘ্ৰ প্ৰকল্প আৰু 'কেম্পা' আদি ।

এই আঁচনিকেইখনত কেন্দ্ৰীয় চৰকাৰে বছৰি ব্যাপক হাৰত পুঁজি ব্যয় কৰি আহিছে যদিও ৰাজ্যৰ বনভূমিৰ বেদখল বোধ কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে । বৰং সময়ে সময়ে অভিযোগ উঠিছে যে ৰাজ্য চৰকাৰৰ একাংশ বিষয়া-কর্মীৰ বাবে এই আঁচনিকেইখন খীৰতী গাইসদৃশ হৈ আহিছে ।

আঁচনি ৰূপায়ণৰ নামত একাংশ বিষয়াই কেন্দ্ৰীয় পুঁজিৰ কোটি কাটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ আছে । চৰকাৰৰ অৱহেলা আৰু গাফিলতিৰ বাবেই প্ৰাকৃতিকভাৱে চহকী অসমৰ সেউজীয়া পৰিৱেশ ক্ৰমাৎ ধ্বংস হ'ব ধৰিছে । সংকুচিত হ'বলৈ ধৰিছে অসমৰ বনাঞ্চল । আনহাতে বন ধ্বংসৰ পৰিণাম ইতিমধ্যে ৰাজ্যবাসীয়ে ক্ৰমাৎ ভোগ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক: উচিত মূল্যত বিক্ৰী কৰিছে খেতি কৰা ধান; আনন্দিত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.