ETV Bharat / state

Rojgar Mela in Guwahati : গুৱাহাটীত ৰোজগাৰ মেলা; ১০১ নিযুক্তিপত্ৰ বিতৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - central minister Sarbananda Sonowal

সমগ্ৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয় । নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত নিযুক্তি-পত্ৰ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক সম্বোধন কৰে ।

গুৱাহাটীত ৰোজগাৰ মেলা;  ১০১ নিযুক্তিপত্ৰ বিতৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Rojgar Mela in Guwahati
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:44 PM IST

গুৱাহাটীত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৮ অক্টোবৰ : শনিবাৰে গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত হয় কেন্দ্ৰীয় চৰকাৰৰ দশম সংখ্যক ৰোজগাৰ মেলা । এই উপলক্ষে ৰে'লৱে বিভাগ, ডাক সেৱা আৰু সীমান্ত সুৰক্ষা বাহিনীকে ধৰি কেইবাটাও বিভাগত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত এই অনুষ্ঠানৰ আয়োজন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেয়ে ।

উল্লেখ্য যে এই দশম সংখ্যক ৰোজগাৰ মেলা শনিবাৰে দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে । সমগ্ৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয় । নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত নিযুক্তি-পত্ৰ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক সম্বোধন কৰে । ইপিনে গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ৰোজগাৰ মেলাই দেশৰ যুৱশক্তিক উদগনি দিছে ।

এতিয়ালৈকে ৰোজগাৰ‌ মেলাৰ জৰিয়তে দেশৰ ১০ লাখ যুৱক-যুৱতীক নিযুক্তি দিয়া প্ৰক্ৰিয়া সম্পন্ন হৈছে । তেওঁ কয় যে এইক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰা প্ৰয়োজন । সোণোৱালে নিযুক্তি-পত্ৰ গ্ৰহণ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ লগতে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৯ বছৰ ৬ মাহত দেশ উন্নতিৰ শিৰলৈ আগবাঢ়িছে । তেওঁ লগতে কয় যে কৰ্মই সাধনা ।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ অভিলাষী আঁচনি সন্দৰ্ভত আলোচনা কৰি কয় যে বিজেপি চৰকাৰৰ ধন জন আঁচনিৰ জৰিয়তে ৫০ কোটি লোক উপকৃত হৈছে । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সফলতাৰ বিষয়েও তেওঁ উল্লেখ কৰে । উত্তৰ-পূব ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আদৰণী ভাষণ দিয়া অনুষ্ঠানত সাংসদ কুইন ওজা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আদিও উপস্থিত থাকে ।

লগতে পঢ়ক :Agricultural Marketing Board : এঘাৰ মাহৰ দৰমহা পোৱা নাই ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.