গুৱাহাটী, 16 চেপ্তেম্বৰ : বহুকেইটা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্যিক দপ্তৰৰ ৰাজ্যিকমন্ত্ৰী সোম প্ৰকাশ ৷ প্ৰথমে শক্তিপীঠ কামাখ্য দৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ সমাজৰ কল্যাণৰ বাবে মা কামখ্যাৰ শ্ৰী চৰণত আশীষ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচীৰ অংশৰূপে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কামাখ্য দৰ্শনৰ পাচতেই নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খাটিৱাৰৰ বাসগৃহত উপস্থিত হয় ৷ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে দুৰ্গা খাটিৱাৰে৷ বিশেষকৈ ৰাজ্যত শেহতীয়াকৈ প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বিভিন্ন ভাৰতীয় লোকৰ নাম বাদ পৰা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে দুৰ্গা খাটিৱাৰে ৷ লগতে জম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰা অনুচ্ছেদ 370 আৰু 35 (ক) সমৰ্থন কৰে নেপালী সাহিত্যিক গৰাকীয়ে ৷
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈক সাক্ষাৎ কৰে । বিজেপিয়ে গ্ৰহণ কৰা জনসম্পৰ্ক আঁচনিৰ অংশ স্বৰূপে উপাচাৰ্যগৰাকীৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশবোৰৰ বিষয়ে অৱগত হোৱাৰ লগতে অনুচ্ছেদ 370 সন্দৰ্ভতো উপাচাৰ্যগৰাকীৰ মতামত গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশে ৷