ETV Bharat / state

চাবুৱা থানাত অখিল গগৈৰ পুনৰ তিনি গোচৰ ৰুজু - CAA protest

কাৰাৰুদ্ধ অখিল গগৈৰ বিৰুদ্ধে পুনৰ তিনিটা গোচৰ ৰুজু চাবুৱা থানাত । CAA আন্দোলনৰ সময়ত চাবুৱা ৰাজহ চক্ৰ জ্বলোৱা, ইউ বি আই বেংক জ্বলোৱা আৰু ডাকঘৰ জ্বলোৱা অভিযোগতে কৃষক নেতা গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ।

চাবুৱা
চাবুৱা থানাত অখিল গগৈৰ পুনৰ তিনি গোচৰ ৰুজু
author img

By

Published : May 28, 2020, 9:56 PM IST

গুৱাহাটী, ২৮ মে': চাবুৱা থানা তিনিটাকৈ গোচৰত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ । কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে পুনৰ তিনিটা গোচৰ চাবুৱা থানাত । চাবুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ গ্ৰেপ্তাৰ কৰে কৃষক নেতা গৰাকীক ।

চাবুৱা
চাবুৱা থানাত অখিল গগৈৰ পুনৰ তিনি গোচৰ ৰুজু

চাবুৱা থানা গোচৰ কেইটা হৈছে ২৯৩/২০১৯ ধাৰা ১৪৭/১৪৮/৩৩৬/৪২৭, ২৯৬/২০১৯ ধাৰা ১৪৭/৪৩৬ আৰু ৩০৭/২০১৯ ধাৰা ৪২৭/৪৩৬। এই গোচৰ সমূহ বিগত বর্ষৰ ডিচেম্বৰ মাহত CAA আন্দোলনৰ সময় চাবুৱা ৰাজহ চক্ৰ জ্বলোৱা, ইউ বি আই বেংক জ্বলোৱা আৰু ডাকঘৰ জ্বলোৱা অভিযোগত ৰুজু হৈছিল । সেই গোচৰত কৃষক নেতা গৰাকীক অভিযোগ থকা দাবী কৰি কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতা গৰাকীক ।

উল্লেখ্য যে, কৃষক নেতা গৰাকীৰ যোৱা ১২ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ আছে । বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নিয়া' গোচৰত বন্দী হৈ আছিল নেতা গৰাকী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.