ETV Bharat / state

উপ-নিৰ্বাচন : মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ৰাইজৰ দলৰ

author img

By

Published : Oct 1, 2021, 10:00 PM IST

কংগ্ৰেছে উপ-নিৰ্বাচনক ছটাকৈ সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ কথা প্ৰকাশ কৰাৰ পাচতে মৰিয়নী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে ৰাইজৰ দলে ৷ ইয়াৰ লগে লগে উপ-নিৰ্বাচনত বিৰোধী ঐক্য যে অসম্ভৱ সেয়া স্পষ্ট হৈ পৰিছে ৷

raijor dol announces candidate for mariani constituency
মৰিয়নী সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে ৰাইজৰ দলে

গুৱাহাটী, ১ অক্টোবৰ : থাওৰা সমষ্টিৰ পাচতে শুকুৰবাৰে মৰিয়নী সমষ্টিৰ বাবে সঞ্জীৱ গগৈৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে ৰাইজৰ দলে । উপ-নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ সাংবাদিক আগত অখিল গগৈয়ে কয়, বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত এটা বা দুটা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিলে আন সমষ্টি কেইটাত আমি কংগ্ৰেছক সমৰ্থন দিয়াৰ আগ্ৰহ প্ৰকাশ কৰিছিলো ৷ কিন্তু কংগ্ৰেছ দলে আমাক বিশ্বাসঘাতকতা কৰিলে ।

দেখা গৈছে যে, অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বেই ফাঁট মেলিল বিৰোধীৰ ঐক্যত । এইবাৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত বহুচৰ্চিত বিৰোধী ঐক্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল । কংগ্ৰেছ দলে এ আই ইউ ডি এফ দলৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছত কংগ্ৰেছৰ ৰাইজৰ দলৰ সৈতেও শেহতীয়াভাৱে ব্যৱধান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত ৰাইজৰ দলে কংগ্ৰেছৰ মাজত আসনৰ বুজাবুজিৰে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছিল ৷ কিন্তু কংগ্ৰেছ দলে আটাইকেইটা সমষ্টিতে উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দিয়াৰ বাবে আগবাঢ়িছে । যাৰ বাবে এতিয়া বিৰোধীৰ ঐক্যত স্থান পাইছে বিভাজন মুখী ৰাজনীতিয়ে ।

লগতে পঢ়ক: বোকাজানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ চাৰিজনক আটক

উপ-নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ কোনো সম্ভাৱনা নাই বুলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰাৰ পিছত অৱশেষত ৰাইজৰ দলেও ২ টা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বাধ্য হয় । ইতিমধ্যে থাওৰা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰক প্ৰক্ষেপ কৰিছে ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনত ছটা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.