ETV Bharat / state

Road tax in Assam: তলী উদং ৰাজকোষৰ ! অসমত ব্যাপক হাৰত পৰিবহন কৰ বৃদ্ধি - Road tax hikes in Assam

ৰাজপথৰ কৰে কন্দুৱাব আপোনাক ৷ অসমবাসীৰ ওপৰত আকৌ কৰৰ বোজা চৰকাৰৰ ৷ এইবাৰ উচ্চ হাৰত পৰিবহন কৰ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷ জৰুৰী অধ্যাদেশযোগে বৃদ্ধি যান-বাহনৰ পঞ্জীয়ন মাচুল ৷

Road tax in Assam
Road tax in Assam
author img

By

Published : Jul 20, 2023, 3:56 PM IST

গুৱাহাটী, ২০ জুলাই : আপোনাৰ হেঁপাহৰ গাড়ীখন কিনিবলৈ যাওঁতে আপুনি হয়তো এতিয়াৰে পৰা দহবাৰ মিলাব লাগিব আপোনাৰ বাজেট ৷ এইবাৰ ৰাজপথৰ কৰে কন্দুৱাব আপোনাক ৷ কাৰণ- অসমবাসীৰ ওপৰত আকৌ কৰৰ বোজা চৰকাৰৰ ৷ এইবাৰ ৰাজপথৰ কৰে কন্দুৱাব আপোনাক ৷ এইবাৰ উচ্চ হাৰত পৰিবহন কৰ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷

জৰুৰী অধ্যাদেশযোগে চৰকাৰে বৃদ্ধি কৰিলে ৰাজ্যৰ যান-বাহনৰ পঞ্জীয়ন মাচুল ৷ এফালে হিতাধিকাৰী আচঁনিৰ প্ৰকোপত বিত্তীয় বোজাত ভাৰাক্ৰান্ত ৰাজ্য চৰকাৰ ৷ আনফালে বিত্তীয় নাটনি জোৰা মাৰিবলৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা কাৰ্য অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ৷ আজিৰ তাৰিখত ১ লাখ ৪০ হাজাৰ কোটিৰো অধিক ঋণৰ বোজা ৰাজ্য চৰকাৰ বহন কৰিছে ৷

একমাত্ৰ বিত্তীয় সংকট মোচনৰ বাবে কেৱল কৰ সংগ্ৰহৰ লক্ষ্যৰে, ৰাজ্যজুৰি এটা প্ৰজন্ম শেষ কৰি দিব পৰা সুৰা সুলভ কৰাৰ নীতি হাতত লৈছে ৰাজ্য চৰকাৰে ৷ এই বিত্তীয় নাটনিৰ জোৰা মাৰিবলৈকে এইবাৰ ৰাজ্য চৰকাৰে নতুনকৈ পৰিবহন কৰৰ বোজা জাপি দিব খুজিছে ৷ ইতিমধ্যেই ৰাজপথৰ যান-বাহনৰ টোল কৰ আৰু জৰিমনাৰে ৰাজ্যবাসীক নাকনি-কাণনি কৰিছে ৰাজ্য চৰকাৰে ৷

একপ্ৰকাৰ ৰাজপথত পৰিবহন বিভাগৰ জৰিমনা-কৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰাৰ কঠোৰ সমালোচনা আৰু প্ৰতিবাদৰো সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ ৷ এতিয়া ভূতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ পুনৰ পৰিবহণ কৰ বৃদ্ধি কৰা হৈছে । ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যৰে জৰুৰী অধ্যাদেশ জাৰি কৰি বিভিন্ন বাহনৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷

সাধৰণতে এনে প্ৰক্ৰিয়াত অধ্যাদেশ সংশোধনীৰ বাবে বিধানসভাত উত্থাপন কৰা হয় ৷ গ্ৰীষ্মকালীন অধিৱেশনৰ সময় সমাগত ৷ তেতিয়াও এই কৰ বৃদ্ধি কৰিবলৈ অধ্যাদেশ সংশোধনীৰ সুবিধা আছিল চৰকাৰৰ হাতত ৷ বিধানসভাৰ অধিৱেশনলৈও নৰৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, ২০২৩ ।

সেই অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰিলে গ্ৰাহকে উচ্চ হাৰত পঞ্জীয়ন মাচুল আদায় দিব সাজু হওক । ব্যাপক সাল-সলনি ঘটোৱা হৈছে পৰিবহন কৰৰ গাঁথনিৰ । জাৰি কৰা সংশোধিত অধ্যাদেশ অনুসৰি এতিয়াৰে পৰা গাড়ীৰ মূল্য অনুসৰি চাৰিটা পৰ্যায়ত কৰ আদায় দিব লাগিব গ্ৰাহকে ।

কি হাৰত বাঢ়িব নতুন পৰিবহন কৰ ?

  • ৩ লাখ টকা পর্যন্ত মূল্যৰ নতুন চাৰিচকীয়া বাহন পঞ্জীয়ন কৰোতে ৪.৫ শতাংশ কৰ ভৰিব লাগিব ৷
  • ৩ ৰ পৰা ১০ লাখ টকা পর্যন্ত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ৭ % কৰ ভৰিব লাগিব ৷
  • ১০ৰ পৰা ২০ লাখ টকা পৰ্যন্ত মূল্যৰ বাহনৰ ক্ষেত্ৰত ১০ % কৰ আদায় দিব লাগিব ৷
  • ১৪ শতাংশ কৰ ভৰিব লাগিব ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনত ।

পৰিবহন কৰৰ নতুন নিৰিখ অনুসৰি যদি আপুনি ৩ লাখ টকা দামৰ এখন নতুন বাহনৰ ক্ৰয় কৰে তেন্তে ১৩,৫০০ টকাৰ কৰ আদায় দিব লাগিব ৷ ৫ লাখ টকাৰ এখন গাড়ীত ৩৫০০০ হেজাৰ টকা পঞ্জীয়নত ভৰিব লাগিব ৷ একেদৰে ৯ লাখটকীয়া নতুন গাড়ী এখন কিনিলে ৬৩ হাজাৰ টকা হেজাৰ টকা আদায় দিব লাগিব ।

নতুন মটৰ চাইকেলত কিমান কৰ ভৰিব লাগিব ?

কেৱল নতুন গাড়ীতেই নহয় । মটৰ চাইকেল বা বাইক ক্ৰয়ৰ ক্ষেত্ৰতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰিছে এই জৰুৰী অধ্যাদেশযোগে ৷ আপুনি কিনা বাইকখনৰ মূল্য যদি এক লাখ টকাৰ ভিতৰত হয় তেন্তে আপুনি মটৰ চাইকেলত ৬ শতাংশ কৰ দিব লাগিব ৷ যদি ক্ৰয় কৰা বাইকখনৰ মূল্য এক লাখৰ পৰা ৩ লাখ টকা পৰ্যন্ত হয় তেন্তে ৮ শতাংশ কৰ ভৰিব লাগিব ৷ ইফালে ৩ লাখতকৈ বেছি দামী বাইক ক্ৰয় কৰিলে ৯ শতাংশ পর্যন্ত কৰ ভৰিব লাগিব ক্ৰেতাই ।

পূৰ্বৰ কৰৰ সৈতে প্ৰাৰ্থক্য কিমান নতুন কৰৰ ?

এই অধ্যাদেশ জাৰি হোৱাৰ আগতে ৪ লাখ টকা দামী বাহন কৰিলে । ক্ৰেতাই ৫ শতাংশ কৰ ভৰিব লগা হৈছিল । ধাৰ্য নতুন পৰিমাণৰ অনুসৰি ৩ লাখতকৈ ১টকাও বাহনৰ মূল্য অধিক হয় তেন্তে গ্ৰাহকে ১০ টকা মূল্যৰ গাড়ীলৈকে ৭ শতাংশ কৰ দিব লাগিব ক্ৰয় কৰোতাই ।

  • পূৰ্বৰ কৰ পৰিবহন নীতি অনুসৰি ১২ লাখ টকা মূল্যৰ গাড়ীলৈকে কৰৰ পৰিমাণ ৭ শতাংশ আছিল । কিন্তু নতুন অধ্যাদেশ মতে ১০ লাখ টকাৰ ওপৰৰ বাহনত ১০ শতাংশ কৰ দিব দায় লাগিব গ্ৰাহকে ৷
  • পূৰ্বে ২০ লাখ টকাৰ মূল্যৰ বাহনলৈকে কৰৰ নিৰিখ আছিল ৯ শতাংশ ৷ এতিয়া নতুন পৰিবহন কৰ নীতি অনুসৰি ২০ লাখ টকা দামী গাড়ীলৈকে গ্ৰাহকে ১০ শতাংশ কৰ দিব লাগিব ।
  • এতিয়া ২০ লাখ টকাৰ অধিক মূল্যৰ গাড়ী কিনিবলৈ হ’লে আপুনি ভৰিব লাগিব ১৪ শতাংশ কৰ । পুৰণি পৰিবহন কৰৰ নিৰিখ মতে ২০ লাখ টকাতকৈ অধিক দামৰ গাড়ীৰ ক্ষেত্ৰত পঞ্জীয়নত কৰৰ নিৰিখ আছিল মূল দামৰ ১২ শতাংশ ।

বিপৰীতে এতিয়া ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ কৰ ভৰিব লাগিব গ্ৰাহকে ৷ পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰতহে ১৪ শতাংশ কৰ আছিল । ইয়াৰ দ্বাৰা নিশ্চিত হৈছে যে অনাগত দিনত অসমত অধিক ব্যয় বহুল হ’ব যাতায়ত ব্যৱস্থা ৷ সেয়া ব্যক্তিগতই হওক বা বাণিজ্যিক ব্যৱস্থাই হওক ৷

লগতে পঢ়ক: Assam govt in debt: পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.