ETV Bharat / state

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

author img

By

Published : Sep 29, 2020, 11:04 PM IST

বাৰাণসীৰ এগৰাকী জ্যোতিষীয়ে এই ঘৰটো "বাস্তুসন্মত" নহয় বুলি কোৱাৰ বাবেই ঘৰটো ভাঙি পুনৰ নিৰ্মাণ কৰিব খুজিছে মন্ত্ৰীগৰাকীয়ে । কেৱল কোটি টকীয়া ঘৰটো ভাঙি পেলোৱাই নহয়, অ'তদিনে যিখিনি মাটিৰ ওপৰত ঘৰটো সগৌৰৱেৰে মুৰ দাঙি থিয় হৈ আছিল সেই মাটিও খান্দি উলিয়াই পেলোৱা হৈছে ।

Bulldozer at the residence of Himanta Bishwa Sharma, an influential minister of state
ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উঠিল বুলড'জাৰ

গুৱাহাটী,29ছেপ্তেম্বৰঃ সৌ সিদিনালৈকে সগৌৰৱেৰে মুৰ দাঙি থিয় হৈ থকা এটা চালে চকু ৰোৱা প্ৰাসাদোপম ঘৰ, যিটো ঘৰ সেই অঞ্চলটোৰেই এটা সুন্দৰ ঘৰ বুলি পৰিচিত হৈ আহিছিল সেই ঘৰটো এতিয়া মাটিৰ লগত মিহলি হৈ গ'ল ।অৱশিষ্ট বুলিবলৈ অ'ত তত পৰি আছে কিছুমান লোহাৰ টুকুৰা, ভঙা খুঁটা ইত্যাদি ।ঘৰটো অবৈধ বুলি পৌৰ নিগমে উচ্ছেদ কৰা নাই বা বতাহ ধুমুহাতো ভাঙি পৰা নাই । বুলড'জাৰ লগাই এই কেইবা কোটি টকীয়া বিলাসবহুল ঘৰটো ভাঙি পেলাইছে স্বয়ং ঘৰটোৰ গৰাকীয়েই । ঘৰটোৰ গৰাকী হ'ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা ৷

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথ (জু-ৰোড) ৰ উদয় পথত থকা ঘৰটোত সপৰিয়ালে বাস কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ বিভিন্ন দৰ্শনাৰ্থীয়ে তেওঁক সাক্ষাৎ কৰিবলৈ এটা সময়ত পুৱাৰ পৰা নিশা এপৰলৈকে ভিৰ কৰিছিল সেই ঘৰটোত । কিন্তু এতিয়া ঘৰটোৰ কোনো অস্তিত্ব নাই ৷

পিছে কিয় হঠাৎ ভাঙি পেলোৱা হ'ল ক্ষমতাশালী মন্ত্ৰীগৰাকীৰ বিলাসী ঘৰটো ?

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, বাৰাণসীৰ এগৰাকী জ্যোতিষীয়ে এই ঘৰটো "বাস্তুসন্মত" নহয় বুলি কোৱাৰ বাবেই ঘৰটো ভাঙি পুনৰ নিৰ্মাণ কৰিব খুজিছে মন্ত্ৰীগৰাকীয়ে । কেৱল কোটি টকীয়া ঘৰটো ভাঙি পেলোৱাই নহয়, অ'তদিনে যিখিনি মাটিৰ ওপৰত ঘৰটো সগৌৰৱেৰে মুৰ দাঙি থিয় হৈ আছিল সেই মাটিও খান্দি উলিয়াই পেলোৱা হৈছে ।উল্লেখযোগ্য যে, গুৱাহাটীৰ এক অভিজাত অঞ্চলত থকা কোটি টকীয়া এটা অট্টালিকা এইদৰে নিজেই ভাঙি পেলোৱাটো সকলোৰে বাবে সম্ভৱ নহয় । এয়া সম্ভৱ ঘৰটোৰ গৰাকী হিমন্তবিশ্ব শৰ্মা হোৱা বাবেহে ৷

আনহাতে, মহানগৰীৰ জটীয়াতো মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ক্ৰয় কৰা মাটি সাই বাবাৰ মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিছে ৷ ইতিমধ্যে সেই মাটিত নিৰ্মাণ কৰি তোলা হৈছে সাই বাবাৰ এটা বিশাল মন্দিৰ ৷

লগতে পঢ়কঃৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.