ETV Bharat / state

সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয় - Btc election update

মঙলবাৰে মহামান্য আদালতে প্ৰদান কৰা নতুন নিৰ্দেশনা অনুসৰি, বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব সংখ্যাগৰিষ্ঠ দলক ৷ সেই পৰিপ্ৰেক্ষিতত বিপিএফ দলক অহা ২৬ ডিচেম্বৰৰ ভিতৰত তেওঁলোকক চৰকাৰ গঠনৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ লগতে, তেওঁলোকৰ মাজৰ পৰাই চি ই এম নিৰ্বাচনৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷

ন্যায়ালয়
ন্যায়ালয়
author img

By

Published : Dec 22, 2020, 4:20 PM IST

গুৱাহাটী, 22 ডিচেম্বৰ: বিটিচি নিৰ্বাচনক লৈ মহামান্য আদালতৰ নতুন নিৰ্দেশনা ৷ সংখ্যাগৰিষ্ঠ দলক প্ৰথমে দিয়া হ’ব অগ্ৰাধিকাৰ ৷ তেওঁলোকৰ মাজৰ পৰাই প্ৰথমে নিৰ্বাচন কৰাৰ সুযোগ দিয়া হ’ব চি ই এম ৷

সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

বিটিচি নিৰ্বাচনৰ ফলাফলৰ পাচতেই বিজেপি চৰকাৰ আৰু ইউপিপিএলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল সংখ্যাগৰিষ্ঠ দল বিপিএফ ৷ বিপিএফৰ আবেদনক সন্মতি জনাই ন্যায়ালয়ে বিপিএফ দলক অহা ২৬ ডিচেম্বৰৰ ভিতৰত তেওঁলোকক চৰকাৰ গঠনৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ লগতে, তেওঁলোকৰ মাজৰ পৰাই চি ই এম নিৰ্বাচনৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইয়াৰ বাবে ন্যায়ালয়ে উক্ত গোচৰৰ পৰৱৰ্তী শুনানি অহা বছৰৰ জানুৱাৰী মাহৰ ১১ তাৰিখলৈ ধাৰ্য কৰিছে ৷ উক্ত শুনানিৰ পাচতহে সম্পূৰ্ণ ছবিখন পৰিস্কাৰ হ’ব আচলতে বিটিচিত কোনে ৰাজত্ব কৰিব ! উল্লেখ্য যে, সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বিপিএফ দলে 17 খন আসনত জয়ী হ'বলৈ সক্ষম হোৱাৰ বিপৰীতে ইউপিপিএল দলে 12 খন আৰু বিজেপি দলে 9 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.