ETV Bharat / state

হোটেল ৰেডিচন ব্লুত বন্দী বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদ - BTC Election

বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদৰ বুধবাৰৰ নিশাৰ ঠিকনা মহানগৰীৰ ৰেডিচন ব্লু হোটেল ৷ বিটিচি নিৰ্বাচনৰ পিছৰে পৰা বিটিচিৰ বাহিৰত ৰখা হৈছে নৱ নিৰ্বাচিত পাৰিষদসকলক ৷

btc elected member at Radisson blu guwahati assam etv bharat news
ৰেডিচন ব্লুত বন্দী বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদ
author img

By

Published : Dec 23, 2020, 7:46 PM IST

গুৱাহাটী,23 ডিচেম্বৰ: বিটিচি নিৰ্বাচনৰ পিছৰে পৰা বিটিচিৰ বাহিৰত ৰখা হৈছে নৱ নিৰ্বাচিত পাৰিষদ সকলক । কেইবাদিনো ধৰি মহানগৰীৰ হোটেল লিলিত ৰখাৰ পিছত বিগত 20 ডিচেম্বৰত শ্বিলঙলৈ নিয়া হৈছিল পাৰিষদসকলক । শ্বিলঙত দুদিন কটোৱাৰ অন্তত এইসকল নৱ নিৰ্বাচিত পাৰিষদক মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুলৈ অনা হয় ।

ৰেডিচন ব্লুত বন্দী বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদ

বিজেপি, ইউপিপিএল, জিএছপিৰ আটাইকেইগৰাকী পাৰিষদকে নিশাটো ৰখা হ’ব হোটেল ৰেডিচন ব্লুত । পাৰিষদসকলক নজৰত ৰাখিছে সাংসদ নৱ শৰণীয়া, সাংসদ পল্লৱলোচন দাস, মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই । বুধবাৰে এইসকল পাৰিষদ কোকৰাঝাৰলৈ ৰাওনা হ'ব । হাগ্ৰামা মহিলাৰীৰ তীব্ৰ প্ৰত্যাহ্বানৰ পিছত আদালতৰ ৰায়ৰ অন্তত কাইলৈ প্ৰমোদ বড়ো সন্মুখীন হ’ব আস্থা ভোটৰ ৷ সেয়েহে হাগ্ৰামা মহিলাৰীয়ে যাতে পাৰিষদসকলক সাক্ষাৎ কৰিব নোৱাৰে তাৰ বাবে হোটেল ৰেডিচন ব্লুত বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদসকলক নজৰবন্দী কৰি ৰখা হৈছে ।

লগতে চাওকঃ চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক কৰায়ত্ব

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.