ETV Bharat / state

সংগীত চৰ্চাত ব্যস্ত সেনা: ক’ত আৰু কিয়!!

আজাৰাস্থিত সেনাচাউনীৰ সেনাসকলৰ মাজত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ সুৰক্ষা বাহিনীৰ বিষয়াসকলে শিশুগৃহ এচ অ’ এচ ভিলেজৰ শিশুসকলৰ লগত ভাৱ বিনিময় কৰে,সীমা সুৰক্ষা বাহিনী উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা পিয়ুছ মৰ্দিয়াৰ লগতে বহুতো উচ্চপদস্থ বিষয়া অনুষ্ঠানটোত উপস্থিত আছিল

author img

By

Published : Nov 13, 2019, 3:24 PM IST

সংগীতচৰ্চাত ব্যস্ত সেনা: ক’ত আৰু কিয়!!

আজাৰা, 13 নৱেম্বৰ: দেশৰ সীমা সুৰক্ষা বাহিনীৰ হাতত সততে দেখা যায় বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ ৷ তাৰ পৰিৱৰ্তে আজাৰাস্থিত সেনা চাউনীৰ সেনা জোৱান সকলৰ মাজত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ এইবাৰ মাৰণাস্ত্ৰৰ সলনি গীতাৰ,তবলা,কীব’ৰ্ডৰ লগত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল সেনা জোৱান সকলক। দেশ মাতৃৰ নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলৰ কণ্ঠেৰে মঙলবাৰে নিগৰিত হ’ল দেশ প্ৰেমমূলক গীত। অত্যন্ত মনোগ্ৰাহী এই অনুষ্ঠানত জোৱানসকলে প্ৰদৰ্শন কৰা বাঁহীৰ সুৰে উপস্থিত আটাইকে আপ্লুত কৰে ।

সংগীতচৰ্চাত ব্যস্ত সেনা: ক’ত আৰু কিয়!!

উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ সমীপৰ এচ অ’ এচ ভিলেজত বুধবাৰে এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানতে বিভিন্ন কলাৰো প্ৰদৰ্শন কৰা হয়। সীমা সুৰক্ষা বাহিনী,উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা পিয়ুছ মৰ্দিয়াৰ লগতে বহুতো উচ্চপদস্থ বিষয়া অনুষ্ঠানটোত উপস্থিত থাকে ৷ সুৰক্ষা বাহিনীৰ বিষয়াসকলে শিশুসকলৰ লগত ভাৱ বিনিময় কৰে।

লগতে চাওক:গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ 10 কিলোগ্ৰাম গাঞ্জা

Intro:সীমা সুৰক্ষা বাহিনীৰ হাতত এইবাৰ মাৰানাস্ত্ৰ নহয়,দেখা গ'ল সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ !

Body:Ocvo...সীমা সুৰক্ষা বাহিনীৰ হাতত সঘনাই দেখা যায় বিভিন্ন ধৰনৰ মাৰানাস্ত্ৰ, কিন্তু এইবাৰ হাতত মাৰানাস্ত্ৰ সলনি দেখা গ'ল গীতাৰ,তবলা,কিবৰ্ডৰ লগতে সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ । তাৰ লগতে দেশ মাতৃৰ হৈ অতন্ত্ৰ প্ৰহৰী হৈ দেশৰ বিভিন্ন দুৰ্গম অঞ্চলত আমাক সুৰক্ষা প্ৰদান কৰি অহা এই যোৱানৰ কন্ঠত শুনা গ'ল দেশপ্ৰেমমুলক গীত । যোৱানৰ বাহিৰ সুৰে সকলোকেই মুগ্ধ কৰিলে । বিমানবন্দৰৰ সমীপৰ অনাথ শিশু আশ্ৰম SOS Villageত এক অন্তৰংগ অনুস্থান অনুস্থিত কৰে গুৱাহাটী ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্য্যলয়ে । এই অনুস্থানতে বিভিন্ন নৃত্যও প্ৰদৰ্শন কৰে । লগতে এই অনুস্থানত উপস্থিত আছিল সীমা সুৰক্ষা বাহিনীৰ উত্তৰ-পুৰ্বাঞ্চলৰ দায়িত্বত থকা পিয়ুছ মৰ্দিয়াৰ লগতে বহুতো উচ্চ-পদস্থ বিষয়া । Conclusion:আনহাতে এই অনুস্থানতে অনাথ শিশুসকলোৰ লগতো সীমা সুৰক্ষা বাহিনীয়ে বিভিন্ন ভাৱ আদান-প্ৰদান কৰে । সচাই এই অন্তৰংগ অনুস্থানে মুহিত কৰিলে সকলোকে ।

Bite1&2..BSF & SOS কৰ্তৃপক্ষ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.