ETV Bharat / state

Lovlina observing Kati Bihu : শিপা নাপাহৰা বক্সাৰ লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:11 AM IST

Updated : Oct 19, 2023, 9:17 AM IST

নিজৰ শিপা পাহৰা নাই বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ কাতি বিহুৰ দিনা মেখেলা-চাদৰ গাত মেৰিয়াই তুলসীৰ তলত চাকি জ্বলাই অসমবাসীৰ কুশল কামনা কৰিলে লাভলীনাই ৷

Boxing Queen Lovlina Borgohain observing Kati Bihu with traditional attire
লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

গুৱাহাটী, 19 অক্টোবৰ : ‘‘আজি তাই অলিম্পিয়ান নহয় । তাই আজি সৰুপথাৰৰ গাঁৱৰ ছোৱালীজনী ৷ আজি হাতত গ্ল’ভছ নাই ৰিঙৰ ৰাণীৰ ৷ নাই ব্লু কৰ্ণাৰ বা ৰেড কৰ্ণাৰৰ হিচাব ৷ দেহত আজি পৰম্পৰাগত সাজযোৰ মেখেলা চাদৰ যোৰ ৷ কান্ধত গামোছা, দেহত তাঁতশালৰ চাদৰ ৷ আজি তাই অসমীয়া শিপা নাপাহৰা গাঁৱৰ ছোৱালীজনী ৷’’

এচিয়ান গেমচত ৰূপ জয় কৰাৰ পিচত নিজ ঘৰত জিৰণি লৈ আছে বক্সাৰ লাভলীনা বৰগোঁহায়ে । সৰুপথাৰৰ নিজৰ ঘৰত বুধবাৰে বক্সিং ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাইয়ে তুলসী তলত চাকি জ্বলাই পালন কৰিলে কাতি বিহু ৷ সামাজিক মাধ্যম ফেচবুকত লাভলীনাই নিজ ঘৰত কাতি বিহু পালন কৰাৰ কেইখনমান ফটো আপলোড কৰে বুধবাৰৰ সন্ধিয়া ।

ফটোবোৰত দেখা গৈছে এখন চালনিত পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা অমিতাৰ চাকি লৈ থাপনাৰ তুলসীৰ তলত লাভলীনাই জ্বলাইছে চাকি ৷ থাপনাৰ ওপৰত থকা শৰতৰ শেৱালি গছজোপাৰ পৰা থাপনাত সৰিছে শুভ্ৰ শেৱালি । বন্তি প্ৰজ্জ্বলিত কৰি অসমবাসীৰ কুশল কামনা কৰিলে লাভলীনাই ৷

কাতি বিহু

ফেচবুকত লাভলীনাই অসমবাসীৰ কুশল কামনা কৰিলে এনেদৰে - “আজি কাতি বিহু উপলক্ষে অসমবাসী ৰাইজৰ মংগল আৰু শ্ৰী বৃদ্ধি কামনা কৰিলো...তুলসীৰ তলৰ চাকি গচিয়ে পোহৰাই তোলক ৰাজ্যবাসীৰ আশা আৰু আকাংক্ষা । শস্য শ্যামলা পথাৰ সোণগুটিৰে উপচি পৰি কৃষিজীৱি ৰাইজলৈ কঢ়িয়াই আনক সমৃদ্ধিৰ বতৰা ৷’’

শিপা পাহৰা নাই বক্সাৰ লাভলীনা বৰগোঁহায়ে

উল্লেখ্য যে, বুধবাৰৰ দিনা সমগ্ৰ অসমে উদযাপন কৰিলে অসমীয়া চহা জীৱনৰ প্ৰাণৰ স্পন্দন কাতি বিহুটি ৷ আকাশ বন্তিৰে উজ্জ্বলি উঠিল ঘৰৰ চৌহদ, শস্য শ্যামলা পথাৰ ৷ পৰম্পৰা অনুসৰি, চহা কৃষকৰ সোণোৱালী শস্য সোণগুটি হৈ ভড়াল ভৰি পৰাৰ কামনাৰে আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অসমীয়া ৰাইজে উদযাপন কৰিলে এই কঙালি বিহু ৷

লগতে পঢ়ক : Kati Bihu at Assam Bhawan : নতুন দিল্লীৰ অসম ভৱনত কাতি বিহু পালন মুখ্যমন্ত্ৰীৰ

Last Updated : Oct 19, 2023, 9:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.