গুৱাহাটী,৪ জুন : সদ্যসমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে তিনি লাখ টকাৰ আৰ্থিক অনুদান । শুকুৰবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে অসম গৌৰৱ বক্সাৰ গৰাকীয়ে । এই সাক্ষাৎকালতে মুখ্যমন্ত্ৰীয়ে বক্সাৰ গৰাকীৰ হাতত তুলি দিয়ে তিনি লাখ টকাৰ চেক । উল্লেখযোগ্য যে, ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি বক্সাৰ শিৱ থাপালৈ আগবঢ়োৱা হৈছে এই অনুদান ।

লগতে পঢ়কঃ চিকিৎসাৰ ক্ষেত্ৰত উপেক্ষিত হৈছে নেকি চিকিৎসক নিগ্ৰহ কাণ্ডত আহত ললিতা ভড়ালী !