ETV Bharat / state

Assam Meghalaya Border Dispute : অসম আৰু মেঘালয়ৰ সীমাবিবাদ; দুৰ্গোৎসৱৰ সময়তে দুয়ো ৰাজ্যৰ মাজত নতুন চুক্তিৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:23 PM IST

অসম-মেঘালয়ৰ মাজত থকা ১২টা বিবদমান এলেকাৰ ছটাৰ ইতিমধ্যে মীমাংসা হৈ সম্পন্ন হৈছে চুক্তি । বাকী থকা ছটাৰ তিনিটাৰ বিবাদ মীমাংসা কৰি সহমতত উপনীত হৈছে দুয়োখন ৰাজ্যৰ চৰকাৰ । লাম্পি, বৰদুৱাৰ আৰু দেছ ডুমৰীয়াৰ বিবাদ নিষ্পত্তিক লৈ হ'ব চুক্তি । আন তিনিটা বিবদমান এলেকাৰ বিবাদ মীমাংসা কৰাত আছে যথেষ্ট জটিলতা ।

অসম আৰু মেঘালয়ৰ সীমাবিবাদ
Assam Meghalaya Border Dispute

গুৱাহাটী, ১২ অক্টোবৰ : অসম আৰু মেঘালয়ৰ মাজত থকা দীৰ্ঘদিনীয়া সীমাবিবাদ পৰ্যায়ক্ৰমে মীমাংসাৰ দিশে গতি কৰিছে । ইতিমধ্যে ১২টা বিবাদৰ ভিতৰত ছটা বিবাদৰ মীমাংসা হৈছে আৰু বাকী থকা ছটা বিবাদ মীমাংসা কৰাৰ বাবে অব্যাহত আছে আলোচনা প্ৰক্ৰিয়া । বাকী থকা ছটা বিবাদ মীমাংস‍া কৰাৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । তদুপৰি, দুয়োখন ৰাজ্যৰ চৰকাৰে বিবাদ মীমাংসাৰ বাবে গঠন কৰি দিয়া মন্ত্রী পৰ্যায়ৰ আঞ্চলিক সমিতিয়েও ক্ষেত্রভিত্তিক পৰ্যালোচনাৰে আলোচনা অব্যাহত ৰাখিছে ।

দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সীমাবিবাদ সমাধানৰ আলোচনা

প্ৰথম পৰ্যায়ত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবদমান ছটা এলেকাৰ ক্ষেত্রত সহমতত উপনীত হৈ চুক্তিত স্বাক্ষৰ কৰিছিল । এতিয়া দ্বিতীয় পৰ্যায়ৰ চুক্তিৰ বাবে সাজু হৈছে দুয়োখন ৰাজ্য । আগন্তুক শাৰদীয় দুর্গা পূজাৰ সময়তে দুয়োখন ৰাজ্যই পুনৰ এখন চুক্তি স্বাক্ষৰিত কৰাৰ দিশে অগ্ৰসৰ হৈছে । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই চুক্তিক লৈ ইতিমধ্যে দুয়োখন ৰাজ্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসম-মেঘালয় সীমা চুক্তি

জানিব পৰা মতে, অসম-মেঘালয় সীমান্তৰ বিবদমান ছয়টা এলেকাৰ ভিতৰত তিনিটা এলেকাৰ সীমাবিবাদ প্রায় নিষ্পত্তি হৈছে । এই তিনিটা এলেক‍া হৈছে ক্ৰমে লাম্পি, বৰদুৱাৰ আৰু দেছ ডুমৰীয়া । জানিব পৰা মতে, বাকী থকা তিনিটা স্থানৰ বিবাদ পৰৱৰ্তী সময়ত মীমাংসা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দুয়োখন ৰাজ্যৰ চৰকাৰে সদ্যহতে বিবাদ নিষ্পত্তি হোৱা এই তিনিটা স্থানৰ সীমাক লৈ চুক্তি স্বাক্ষৰ কৰাৰ কথা ভাবিছে । উল্লেখ্য যে অসম-মেঘালয় সীমান্তৰ মুঠ বাৰটা এলেকা বিবদমান এলেকা হিচাপে চিহ্নিত কৰি দুয়োখন চৰকাৰে আলাপ-আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধানৰ বাবে সহমতত উপনীত হৈছিল ।

অসম-মেঘালয় সীমান্তত এতিয়াও উত্তেজনা
অসম-মেঘালয় সীমান্তত এতিয়াও উত্তেজনা

সেই অনুসৰি, বিগত বৰ্ষৰ ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল আৰু চুক্তি স্বাক্ষৰ হৈছিল । উক্ত চুক্তি অনুসৰি, প্ৰথম পৰ্যায়ত ছয়টা স্থান ক্ৰমে দিছপুৰ বিধানসভা সমষ্টিৰ পিলিংকটা, বকো সমষ্টিৰ হাঁহিম, গিজাং আৰু তাৰাবাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বাকৰাপাৰা আৰু কাছাৰৰ কাটিগড়া সমষ্টিৰ তাৰাচোৰ এলেকাৰ সীমাবিবাদ নিষ্পত্তি কৰা হৈছিল । ইয়াৰ পাছত ৰৈ যোৱা বাকী ছয়টা অঞ্চলৰ বাবে পুনৰ দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত আঞ্চলিক কমিটীৰ বৈঠকসমূহ অনুষ্ঠিত হৈছিল ।

সীমান্তত অব্যাহত আছে উত্তেজনা
সীমান্তত অব্যাহত আছে উত্তেজনা

শেহতীয়াকৈ আঞ্চলিক কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত লাম্পি, বৰদুৱাৰ আৰু দেছ ডুমৰীয়াৰ বিবাদ নিষ্পত্তি হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ইয়াৰ পাছত মীমাংসা নোহোৱকৈ ৰৈ যাব কাৰ্বি আংলং জিলাৰ ব্লক -১, ব্লক-২ আৰু খান্দুলি এলেকাৰ সীমাবিবাদ । এই ৰৈ যোৱা এই তিনিওটা অঞ্চলৰ বিবাদ অত্যন্ত জটিল হোৱাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে । ইফালে দুয়োখন ৰাজ্যই সীমাক লৈ চুক্তি স্বাক্ষৰ কৰাৰ পাছতো মেঘালয়ৰ লোকে নিষ্পত্তি হোৱা এলেকাত অসমৰ ভূমি দখল অব্যাহত ৰখাৰ কথা পোহৰলৈ আহিছে । শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ বৰপথাৰৰ সমীপতে মেঘালয়ৰ লোকে এটা চৰকাৰী পানীযোগান কেন্দ্ৰ স্থাপন কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল । অসমৰ লোকে কেন্দ্ৰটো স্থাপনত বাধা আৰোপ কৰাৰ পাছতেই মেঘালয়ৰ একাংশ লোকে অসমৰ কেইবাটাও গৃহ ধ্বংস কৰে । যাক লৈ অঞ্চলটোত উত্তেজনা অব্যাহত আছে । এনে পৰিস্থিতিত দুয়োখন ৰাজ্যৰ চৰকাৰে সীমাবিবাদ মীমাংসাৰ বাবে কৰা চুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

পাঁচ ৰাজ্যৰে আছে অসমৰ সীমা সমস্যা
পাঁচ ৰাজ্যৰে আছে অসমৰ সীমা সমস্যা

ছটা বিবদমান এলেকাৰ বাবে তিনিখন আঞ্চলিক কমিটী

অসম-মেঘালয়ৰ বাকী থকা ছটা বিবদমান এলেকাৰ বাবে অসমত মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰীকাৰ অধ্যক্ষতাত অসম চৰকাৰে তিনিখন কমিটী গঠন কৰি দিছে । সেইদৰে মেঘালয় চৰকাৰেও তিনিখন আঞ্চলিক কমিটী গঠন কৰি দিছে ।

ইতিমধ্যে দুয়োখন ৰাজ্যৰ কমিটীসমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মতবিনিময় কৰিছে । কেইবালানি বৈঠকতো মিলিত হৈছে । তিনিটা বিবদমান এলেকাৰ ক্ষেত্রত ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন ।

আলোচনা প্ৰক্ৰিয়াৰ মাজতো অব্যাহত আছে সীমান্তৰ উত্তেজনা

সীমান্তৰ বিবাদ মীমাংসাৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে ২০২২ চনৰ ২২ নবেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত ভয়াৱহ ঘটনা সংঘটিত হৈছিল ।

উল্লেখ্য যে দুয়ো ৰাজ্যৰ সীমান্তত অৱস্থিত মূল্যৱান গছ-গছনিৰে ভৰপূৰ সমগ্ৰ মুক্ৰ' অঞ্চল অসম আৰু মেঘালয় পৰস্পৰে নিজৰ ভূ-খণ্ড বুলি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে । এই মুক্ৰ' বনাঞ্চলত থকা বনজ সম্পদ মেঘালয়ৰ দুর্বৃত্তই অবাধে লুট কৰি লৈ যোৱাক লৈ সংঘটিত হৈছিল ভয়াৱহ পৰিস্থিতিৰ । এই ঘটনাত অসমৰ এজন বনৰক্ষী আৰু মেঘালয়ৰ খাচি সম্প্ৰদায়ৰ ৫জন লোকসহ মুঠ ছয়জন লোকৰ মৃত্যু হৈছিল । পৰৱৰ্তী সময়ত এই ঘটনাই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছিল । অসম আৰু মেঘালয়ৰ মাজত যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছিল ।

এই ঘটনাৰ পূৰ্বেও বহুবাৰ সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছিল । দশকৰ পাছত দশক ধৰি সীমান্তৰ ৰাইজে আতংকৰ মাজত জীৱন অতিবাহিত কৰি আহিবলগীয়া হৈছে । বৰ্তমান সময়তো সীমান্তৰ পৰিস্থিতি উন্নত হোৱা নাই । অসম-মেঘালয়ৰ সীমাবিবাদৰ ১২টাৰ ছটাৰ ইতিমধ্যে মীমাংসা কৰা হৈছে যদিও সীমান্তৰ উত্তেজনা এতিয়াও শামকটা নাই । শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ বৰপথাৰৰ সমীপতে মেঘালয়ৰ লোকে এটা চৰকাৰী পানীযোগান কেন্দ্ৰ স্থাপন কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল ।

অসমৰ লোকে কেন্দ্ৰটো স্থাপনত বাধা আৰোপ কৰাৰ পাছতেই মেঘালয়ৰ একাংশ লোকে অসমৰ কেইবাটাও গৃহ ধ্বংস কৰে । যাক লৈ অঞ্চলটোত উত্তেজনা অব্যাহত আছে ।

পাঁচখন ৰাজ্যৰে আছে অসমৰ সীমাবিবাদৰ সমস্যা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যসমূহৰে থকা সীমাবিবাদ মীমাংসাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তো কিন্তু সীমান্তবাসী আশ্বস্ত হ'ব পৰা নাই । কাৰণ এতিয়াও অব্যাহত আছে সীমান্তৰ উত্তেজনাময় পৰিৱেশ ।

উল্লেখ্য যে অসমেৰে চুবুৰীয়া ৰাজ্যৰ সীমাবিবাদৰ সমস্যা নতুন নহয় যদিও বছৰৰ পাছত বছৰ ধৰি ইয়াৰ কুফল ভোগ কৰি আহিছে অসমৰ সীমান্তবাসীয়ে । তথ্য মতে, অসমৰ সীমান্তত লাগি থকা ৫ ৰাজ্য ক্ৰমে নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ে ৮৩ হাজাৰ হেক্টৰৰো অধিক ভূমি বেদখল কৰি আছে । অসমৰ ২৪খনকৈ জিলা সংলগ্ন হৈ আছে সীমাৰ সৈতে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰায়ে উত্তজিত হৈ থাকে ৰাজ্যৰ সীমান্ত অঞ্চল ।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই সীমাবিবাদ সমাধানৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । অসমৰ সীমান্তৱৰ্তী আটাইকেইখন ৰাজ্যৰে সীমাবিবাদ সমাধানৰ বাবে আগভাগ লৈছে । বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে ৰাজ্য দুখনৰ সীমা সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰে ।

লগতে পঢ়ক :Assam CM slams Congress : কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.