ETV Bharat / state

Assam book fair 2021 : গ্ৰন্থমেলালৈ যায় যদি ... - অসম গ্ৰন্থমেলা news

গুৱাহাটীত অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ তৃতীয় দিনত উন্মোচন কৰা হয় কেবাখনো নতুন গ্ৰন্থ ৷ দেওবাৰৰ দিনটোতো অনুষ্ঠিত হ’ব কেইবাটাও বিশেষ অনুষ্ঠান সবিশেষ জানো আহক ৷

Book launch update of Assam book fair 2021
Assam book fair 2021 : গ্ৰন্থমেলালৈ যায় যদি ...
author img

By

Published : Jan 1, 2022, 9:54 PM IST

গুৱাহাটী, 1 জানুৱাৰী : চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা(Assam book fair 2021)ৰ তৃতীয় দিনত কেবাখনো নতুন গ্ৰন্থ উন্মোচন কৰা হয় (Book launch in Assam book fair 2021) ৷ গ্ৰন্থমেলাত শণিবাৰে কেবাখনো নতুন গ্ৰন্থ উন্মোচিত হয় ৷ হোমেন বৰগোহাঞি সভাঘৰত বিশিষ্ট শিল্পী ননী পূজাৰীয়ে উন্মোচন কৰে ৰফিকুল হোছেইনৰ ‘গোপনৰ অন্তেষপুৰ’ শীৰ্ষক গ্ৰন্থখন ৷

এই অনুষ্ঠানত অভিনেতা বাহাৰুল ইছলাম, ভাগিৰথী, বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক, কবি নীলিমা ঠাকুৰীয়া হক আদিকে ধৰি কেবাগৰাকী শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰে ৷ একেটা সভাগৃহতে উন্মোচিত হয় এনি হাজৰিকাৰ তিনিখন গ্ৰন্থ ক্ৰমে ‘বাপু আৰু বাক বিচাৰি বাট বুলিলোঁ’, ‘হিন্দী চিনেমাৰ স্বৰ্ণযুগ’, আৰু ‘অঘট-ঘটন-পটু’ ৷ এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামী আৰু লেখিকা ৰাণী গোহাঁয়ে ৷

গ্ৰন্থমেলাৰ মূল সভাঘৰত আয়োজন কৰা হয় ‘উন্মীলন’ শীৰ্ষক যুৱ সাহিত্যিকৰ অনুষ্ঠান৷ ইপিনে বিগত তিনি দিনত অসম গ্ৰন্থমেলাত প্ৰায় ৬০ লক্ষ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰি কৰিছে অসম প্ৰকাশন পৰিষদ(Assam Prakashan Parishad)ৰ সচিব প্ৰমোদ কলিতাই ।

ইয়াৰ ভিতৰত প্ৰায় ২ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হয় অসম প্ৰকাশন পৰিষদৰ বিপণীৰ পৰা ৷ দেওবাৰে দুপৰীয়া ১ বজাত অসম গ্ৰন্থমেলাত অনুষ্ঠিত হ’ব বিশিষ্ট প্ৰকাশক, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত গিৰিপদ দেৱ চৌধুৰী সোঁৱৰণত বিশেষ অনুষ্ঠান ৷ আনহাতে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব ‘ইতিহাস: প্ৰক্ষেপ আৰু বিশুদ্ধতা’ শীৰ্ষক আলোচনা চক্ৰ ৷ লগতে সন্ধিয়া ৫ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত হ’ব আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান ৷

লগতে পঢ়ক : PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.