ETV Bharat / state

মহানগৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী

শুকুৰবাৰে মহানগৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেইবাটাও ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীৰ প্ৰতিবাদ ৷ বিজেপি চৰকাৰক ভণ্ড চৰকাৰ আখ্যা প্ৰতিবাদকাৰীসকলৰ ৷

author img

By

Published : Jan 22, 2021, 8:37 PM IST

block congress protest
ব্লক কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী

গুৱাহাটী,22 জানুৱাৰী : গুৱাহাটী মহানগৰীত শুকুৰবাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ব্লক কংগ্ৰেছে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চান্দমাৰী, পাণবজাৰকে ধৰি কেইবাটাও ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে উপায়ুক্তৰ কাৰ্যালয়লৈ চাইকেল আৰু বাইক ৰেলী উলিয়ায় ৷

ব্লক কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী

প্ৰতিদিনে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলত হোৱা মূল্যবৃদ্ধিৰ বাবে শাসকীয় চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ কৰ্মীসকলে ৷ কংগ্ৰেছ চৰকাৰৰ দিনত ডিঙিত পিঁয়াজৰ মালা পিন্ধা বিজেপি দলে এতিয়া প্ৰতিদিনে সামগ্ৰীৰ দাম বৃদ্ধি কৰি দৰিদ্ৰসকলৰ পেটৰ ভাত কাঁঢ়ি পুঁজিপতিৰ হাতত গটাব বিচাৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰোপৰি প্ৰতিবাদযোগে কংগ্ৰেছে বিজেপি চৰকাৰক ভণ্ড চৰকাৰ আখ্যা দিয়ে ৷ সাধাৰণ জনতাৰ বাবে চিন্তা নকৰি বিজেপিয়ে কেৱল মাত্ৰ বনিয়াৰ বাবে কাম কৰি আহিছে বুলি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আছুৰ জোঁৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.